Local, Vocal, Global

PM Modi to Embark on 2-Day Assam Visit Today : আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক,১৬ এপ্ৰিল : নিৰ্বাচনী ৰণডংকা বজাবলৈ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

এইবাৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত পদাপৰ্ণ কৰিব। মঙলবাৰে সন্ধিয়া প্ৰায় ৭-০০বজাত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা পোনে পোনে কইনাধৰালৈ বুলি যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকী(PM Modi to Embark on 2-Day Assam Visit Today)।

জানিব পৰা মতে কাইনাধৰাতে নৈশ যাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

ইফালে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণকলৈ ইতিমধ্যে পুৱাৰে পৰা গুৱাহাটীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। যান-বাহনসমূহৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিৰ্দেশনা। নিষেধাজ্ঞা জাৰি কৰিছে গধুৰ যান-বাহন তথা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত।

ইফালে ১৭ এপ্ৰিল বুধবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভাক সম্বোধন কৰিব। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ(PM Modi to Embark on 2-Day Assam Visit Today; Traffic Clampdown in Place)।