Local, Vocal, Global

PM Modi visit to US concludes : আমেৰিকা আৰু ইজিপ্তৰ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নেশ্যনেল ডেস্ক, ২৬ জুন : ঐতিহাসিক আমেৰিকা আৰু ইজিপ্তৰ পাঁচদিনীয়া ভ্ৰমণ সামৰি দেওবাৰে নিশা দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi visit to US concludes) ৷ পালাম বিমানবন্দৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীৰ লগতে কেবাগৰাকীও সাংসদে প্ৰধানমন্ত্ৰীক আদৰণি জনায় (PM Modi visit to US concludes)।

উল্লেখ্য যে ১৯৯৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ইজিপ্তলৈ দ্বিপাক্ষিক ভ্ৰমণ কৰিছিল (PM Modi US Visit) ।

বিদেশ ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰী মোদী দিল্লীত উপস্থিত হোৱাৰ পাছতে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে তেওঁক পালাম বিমানবন্দৰত উষ্ম আদৰণি জনায় (PM Modi returns to India)। প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখী, হান্স ৰাজ হান্স, গৌতম গম্ভীৰকে ধৰি দিল্লী বিজেপিৰ সকলো সাংসদ উপস্থিত থাকে ।

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনৰ আমন্ত্ৰণত আমেৰিকা ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি জ’বাইডেনৰ সৈতে কেবাটাও বিষয়ত আলোচনা কৰে আৰু আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত অংশগ্ৰহণ কৰে ।

শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ ৰাজ্যিক ভ্ৰমণ সমাপ্ত কৰি ইজিপ্তৰ ৰাজধানী কায়ৰোত উপস্থিত হয়(PM Modi returns to India after concluding his state visits to US and Egypt) । ইজিপ্ত ভ্ৰমণৰ প্ৰথম আভাসত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ টুইটাৰ যোগে এটা সুন্দৰ ভিডিঅ’ শ্বেয়াৰ কৰে । ভিডিঅ’ টোত তেওঁৰ আফ্ৰিকান দেশখনত উপস্থিত হোৱাৰ পাছতে ইজিপ্তৰ সমকক্ষ মুস্তাফা মাদবৌলী, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে সাক্ষাৎ কৰে আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে ।

প্ৰধানমন্ত্ৰীৰ ইজিপ্ত ভ্ৰমণ

এই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি মোদীয়ে ভিডিঅ’টোত উল্লেখ কৰে, ‘‘ ইজিপ্ত ভ্ৰমণ মোৰ এক ঐতিহাসিক যাত্ৰা । এই যাত্ৰাই ভাৰত-ইজিপ্তৰ সম্পৰ্কত নতুন শক্তি প্ৰদান কৰিব ৷ লগতে আমাৰ দেশৰ জনসাধাৰণৰ বাবে ই সুফল কঢ়িয়াই আনিব । ৰাষ্ট্ৰপতি আল চিছিক ধন্যবাদ জনাইছো, মিচৰৰ চৰকাৰ আৰু জনসাধাৰণৰ মৰমৰ বাবে’’ ।

ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিছিৰ আমন্ত্ৰণত ইজিপ্তলৈ তেওঁৰ দুদিনীয়া ৰাজ্যিক ভ্ৰমণ আছিল । ১৯৯৭ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ আছিল । দেওবাৰে ৰাষ্ট্ৰপতি আল চিছিৰ সৈতে আলোচনাত মিলিত হৈ মোদীয়ে দুয়োখন দেশৰ মাজত কৌশলগত, অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে ৷ য’ত বাণিজ্য আৰু বিনিয়োগ, শক্তিৰ সম্পৰ্ক আৰু জনসাধাৰণৰ সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

ৰাষ্ট্ৰপতি আল চিচিয়ে মোদীক ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান ‘‘অৰ্ডাৰ অৱ নৈ’’ৰে সন্মানিত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা এয়া ত্ৰয়োদশ সৰ্বোচ্চ ৰাজ্যিক সন্মান । মোদীয়ে ২০ জুনৰ পৰা পাঁচদিনীয়া ভ্ৰমণ আৰম্ভ কৰিছিল ৷ ২১ৰ পৰা ২৪ জুনত তেওঁ আমেৰিকা ভ্ৰমণ কৰিছিল । তেওঁৰ আমেৰিকা ভ্ৰমণ নিউয়ৰ্কৰ পৰা আৰম্ভ হয়, য’ত তেওঁ ২১ জুনত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এক ঐতিহাসিক অনুষ্ঠানৰ নেতৃত্ব দিয়ে । পিছত ৱাশ্বিংটন ডি চিৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে তেওঁক হোৱাইট হাউছত এক বৃহৎ আদৰণি জনায় ।

শেষত আমেৰিকা আৰু ইজিপ্তৰ পাঁচদিনীয়া ভ্ৰমণ সামৰি ২৫ জুন দেওবাৰে নিশা দিল্লীত উপস্থিত হয় ।

লগতে পঢ়ক : Odisha road accident : ওড়িশাত ভয়ংকৰ পথ দুৰ্ঘটনা ! নিহত ১২গৰাকীকৈ যাত্ৰী,আহত কেইবাগৰাকী