Local, Vocal, Global

PM Modi Laos Visit Today : দুদিনীয়া ভ্ৰমণসূচীৰে লাওছলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক,১০অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে লাওছলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বৃহস্পতিবাৰে লাওছলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী । আছিয়ান-ভাৰত আৰু পূব এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে লাওছলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।আছিয়ান দেশসমূহৰ সৈতে যোগাযোগ আৰু অধিক গভীৰ কৰিব বুলি আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে(PM Modi Laos Visit Today)।

বিদেশ ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে মোদীয়ে উল্লেখ কৰে, ভাৰতে এইবাৰ এক্ট ইষ্ট নীতিৰ দশক উদযাপন কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মই আছিয়ানৰ নেতাসকলৰ সৈতে যোগ দি আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিম ।’’ইষ্ট এছিয়া সন্মিলনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনাৰ সুযোগ প্ৰদান কৰিব বুলিও তেওঁ কয় । মোদীয়ে কয় যে বৌদ্ধ আৰু ৰামায়ণৰ ভাগ-বতৰা ঐতিহ্যৰে সমৃদ্ধ লাও পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিক (পিডিআৰ)কে ধৰি এই অঞ্চলৰ সৈতে ভাৰতে ঘনিষ্ঠ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক ভাগ কৰিছে ।

তেওঁ কয়, ‘‘আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে লাও পিডিআৰৰ নেতৃত্বৰ সৈতে মোৰ বৈঠকৰ বাবে মই আগ্ৰহী ।’’ তেওঁ লগতে কয়, “এইটো এটা বিশেষ বছৰ কাৰণ আমি আমাৰ এক্ট ইষ্ট পলিচিৰ এটা দশক উদযাপন কৰিছো, যাৰ ফলত আমাৰ জাতিৰ বাবে যথেষ্ট সুবিধা হৈছে । এই ভ্ৰমণৰ সময়ত বিভিন্ন দ্বিপাক্ষিক বৈঠক আৰু বিশ্বৰ বিভিন্ন নেতাৰ সৈতেও মত বিনিময় কৰা হ’ব ।”

২১ সংখ্যক আছিয়ান-ভাৰত আৰু ১৯ সংখ্যক পূব এছিয়া সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী ছোনেক্সে ছিফাণ্ডনৰ আমন্ত্ৰণত লাও পিডিআৰ ভ্ৰমণ কৰিছে মোদীয়ে(PM Modi leaves for Laos to attend 21st ASEAN-India and 19th East Asia Summit) ।

আছিয়ান-ভাৰত সন্মিলনত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ভাৰত-আছিয়ান সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰা হ’ব আৰু সহযোগিতাৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰা হ’ব । ইষ্ট এছিয়া শীৰ্ষ সন্মিলনে অঞ্চলটোত কৌশলগত আস্থাৰ পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগায়, আৰু ভাৰতকে ধৰি EAS ৰ অংশগ্ৰহণকাৰী দেশসমূহৰ নেতাসকলক আঞ্চলিক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মতামত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰে।

লগতে পঢ়ক : Poor Road Condition : এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে ধিঙৰ এখন গাঁৱৰ সহস্ৰাধিক ৰাইজক