Local, Vocal, Global

PM Modi at Odisha train crash site: দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে কলে, দোষীক কঠোৰ শাস্তি দিয়া হ’ব

নেশ্যনেল ডেস্ক,৩ জুন: ওড়িশাৰ বালাশ্বৰত সংঘটিত তিনিখনকৈ ৰে’ল দুৰ্ঘটনাৰ বাবে দায়ীসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব (Triple train accident in Odisha) । শনিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত চিকিৎসালয়ত চিকিৎসাধীন আহতসকলক সাক্ষাৎ কৰাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয় (Those responsible would be severely punished)। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই দুৰ্ঘটনাত যিসকলে পৰিয়ালৰ সদস্য হেৰুৱাইছে তেওঁলোকৰ সৈতে চৰকাৰ থিয় হৈ আছে (Prime minister Narendra Modi) ।

বালাশ্বৰৰ ফকিৰ মোহন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহতসকলক সাক্ষাৎ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ (Railway Minister Ashwini Vaishnaw) আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান(Union Education Minister Dharmendra Pradhan)ও উপস্থিত থাকে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কলে, “এয়া এক বেদনাদায়ক ঘটনা । চৰকাৰে আহতসকলৰ চিকিৎসাৰ বাবে কোনো ধৰণৰ ক্ৰুটি নাৰাখে । ই এক গুৰুতৰ ঘটনা, প্ৰতিটো দিশৰ পৰা তদন্ত কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে । দোষী সাব্যস্ত হোৱাসকলক কঠোৰ শাস্তি দিয়া হ’ব । ৰে’ল বিভাগে ট্ৰেক সমূহ পুনৰ মেৰামতিৰ বাবে কাম কৰি আছে।”

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে ওড়িশাৰ বালাশ্বৰ জিলাৰ বাহানাগাৰৰ ৰেল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বুজ লয় (PM Modi at Odisha train crash site) । পৰিদৰ্শনৰ সময়ত নৰেন্দ্ৰ মোডীক ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াৰ দ্বাৰা পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছিল । তাৰোপৰি তেখেতে স্থানীয় প্ৰশাসনৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে দুৰ্ঘটনাস্থলীত চলি থকা পুনৰুদ্ধাৰৰ কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় ।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেবিনেট সচিব আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীক আহত আৰু তেওঁলোকৰ পৰিয়ালক প্ৰয়োজনীয় সকলো সহায় নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । কলকাতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে অৱস্থিত বাহানাগা বজাৰ ষ্টেচনৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হোৱা তিনিখন ৰে’ল— শালিমাৰ-চেন্নাই চেণ্ট্ৰেল ক’ৰমণ্ডল এক্সপ্ৰেছ (Shalimar Chennai Central Coromandel Express), বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ (Bengaluru Howrah Superfast Express) আৰু এখন মালবাহী ৰে’লৰ সংঘৰ্ষ — দেশৰ ভিতৰতে অন্যতম এক ভয়াৱহ দুৰ্ঘটনা ।

লগতে পঢ়ক: Odisha train accident : ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা,বাতিল অসমলৈ অহা ৰে’ল