Local, Vocal, Global

Adipurush Action Trailer out on June 6: ৬ জুনত মুকলি হ’ব প্ৰভাস, কৃতি চানন অভিনীত আদিপুৰুষৰ এক্সন ট্ৰেইলাৰ

ণ্টাৰটেইনমেণ্ট ডেস্ক, ৩ জুন: অৱশেষত চমু চাপি আহিল আদিপুৰুষৰ মুক্তিৰ দিন । ইতিমধ্যেই চাৰিওদিশে ছবিখনৰ প্ৰচাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । যোৱাটো মাহত, নিৰ্মাতাগোষ্ঠীয়ে ছবিখনৰ ট্ৰেইলাৰ আৰু দুটা গীত জয় শ্ৰী ৰাম আৰু ৰাম চিয়া ৰাম মুকলি কৰিছিল যাক লৈ বহু হুলস্থুলৰো সৃষ্টি হোৱা পৰিলক্ষিত হয় । ১৬ জুনত মুক্তি পাব লগা ছবিখনৰ মুক্তিলৈ মাজত মাথো ১৩ দিন বাকী থকাৰ অৱস্থাত আদিপুৰুষৰ দলটোৱে ৬ জুনত আন এক ধামাকাৰ সৈতে পুনৰ আন এটা ষ্ট্ৰাইক কৰিবলৈ সাজু হৈছে (Prabhas Kriti Sanon starrer Adipurush action trailer) ।

এই ঘনিষ্ঠ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি অহা ৬ জুনত তিৰুপতিত অনুষ্ঠিত হ’বলগীয়া এক মেগা ইভেণ্টত প্ৰভাস, কৃতি চানন, ভূষণ কুমাৰ, ওম ৰাউটকে আদি কৰি আদিপুৰুষৰ টিমটোৱে ছবিখনৰ এটা একচন ট্ৰেইলাৰ মুকলি কৰিবলৈ সাজু হৈছে (Adipurush Action Trailer out on June 6) । সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, “অহা ৬ জুনত আদিপুৰুষৰ টিমটোৱে তিৰুপতিত তেওলোকৰ অনুৰাগী আৰু সংবাদ মাধ্যমৰ উপস্থিতিত আয়োজিত হ’ব লগা এটা গ্ৰেণ্ড ইভেণ্টত ২ মিনিট ২৭ ছেকেণ্ডৰ এক্সন ভৰ্তি এটা ট্ৰেইলাৰ মুকলি কৰিব (Mega event in Tirupati)। প্ৰথমটো ট্ৰেইলাৰত শ্ৰীৰামৰ অনুভৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা (First trailer focused on Shri Rams feelings)ৰ বিপৰীতে দ্বিতীয়টো ট্ৰেইলাৰত থাকিব ছবিখনত থকা এক্সনৰ দৃশ্যৰ এটি আভাষ।” ভগৱান ৰাম আৰু ৰাৱনৰ মাজৰ মহাকাব্যিক সংঘাত হ’ব এই দ্বিতীয়টো ট্ৰেইলাৰৰ প্ৰধান গুৰুত্ব (Conflict between Lord Ram and his antagonist Raavan)।”

এক কথাত কবলৈ গলে, আদিপুৰুষৰ এই এক্সন ট্ৰেইলাৰটোৰ জড়িয়তে ছবিখনৰ মুক্তিৰ কাউণ্টডাউন আৰম্ভ হ’ব আৰু আগতীয়াকৈ কিদৰে টিকট সংগ্ৰহ কৰিব পাৰিব সেই বিষয়ে তথ্য প্ৰদান কৰিব (Countdown starts to Adipurush release) । ভূষণ কুমাৰৰ প্ৰযোজনা আৰু ওম ৰাউতৰ পৰিচালনাত নিৰ্মিত আদিপুৰুষ ভাৰতীয় চলচিত্ৰ জগতৰ আটাইতকৈ অধিক ব্যয়বহুল ছবি বুলি উল্লেখ কৰা হৈছে (Most expensive movie in Indian cinema) । লগতে ছবিখনৰ প্ৰযোজকে দাবী কৰা অনুসৰি মুক্তিৰ লগে লগে ছবিখনে বক্স অফিচ উজ্বলাই তুলিব ।

এই ব্যয়বহুল ছবিখনত প্ৰভাসে ৰাঘৱৰ চৰিত্ৰত (Prabhas plays the role of Raghav), কৃতি চাননে জানকীৰ চৰিত্ৰত, ছেইফ আলী খানে লংকেশৰ চৰিত্ৰত, ছানী সিঙে লক্ষ্মণৰ চৰিত্ৰত আৰু দেৱদত্ত নাগে বজৰংগৰ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : Court Stays release of Ravi Sharma’s ‘Sri Raghupati’ : ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’ মুক্তিত ন্যায়ালয়ৰ বাধা