PM Modi 73rd birthday today: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিন
নেশ্যনেল ডেস্ক, ১৭ছেপ্টেম্বৰ : ৭৩ বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন(PM Modi 73rd birthday today)। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে বিভিন্নজনে জনাইছে শুভেচ্ছা। ‘NaMo’ এপৰ যোগেদি বিভিন্নজনে জন্মদিনৰ শুভেচ্ছাবাৰ্তা জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক । আজিৰ এই দিনটোত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে দুসপ্তাহ ধৰি পালন কৰা হ’ব ‘সেৱা পষেক।’
দেওবাৰে বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ ৭৩ বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে ‘‘নামো’ এপ’’ত ‘‘Seva Pakhwada’’ (সেৱা পষেক অৰ্থাৎ সেৱাৰ সময়) নামেৰে এক বিশেষ অভিযান আৰম্ভ কৰে । ‘‘সেৱা পষেক’’ অভিযানত ৬ টা কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে ৷ য’ত দেশবাসীয়ে অংশগ্ৰহণ কৰিব পাৰিব ৷ লগতে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ ৭৩ বছৰীয়া জন্ম বাৰ্ষিকীৰ শুভেচ্ছাও জনাব পাৰিব ৷
সংবাদ সংস্থা ANI ত উল্লেখ কৰা অনুসৰি, ‘‘সেৱা পষেক’’ অভিযানত অংশ ল’বলৈ প্ৰথমতে নিজৰ ম’বাইল ফোন বা ইমেল ID ৰ জৰিয়তে ‘নমো’ এপ লগইন কৰিব লাগিব ৷ য’ত Mera Saansad Portal টো পঞ্জীয়ন কৰা হৈছে । তাৰ পিছত সেৱা পষেক বেনাৰত ক্লিক কৰিব লাগিব । ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযান ২ অক্টোবৰলৈকে (গান্ধী জয়ন্তী) চলিব । সেৱা পষেক বেনাৰত ক্লিক কৰিলে ব্যৱহাৰকাৰীয়ে সেৱা পষেকৰ হোম পেজত কেইবাটাও বিকল্প পাব ৷ সেইকেইটা হ’ল- ‘‘Virtual Exhibition Corner, Video Shubhkaamna, Family E-card Seva, Activities Pragati Path Par Bharat and Bharat Supports Modi’’
ইফালে বিজেপি দলৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। আনহাতে গৃহৰাজ্য গুজৰাটত লোৱা হৈছে বিশেষ পদক্ষেপ।গুজৰাটত ৩০ হাজাৰ ছাত্ৰীৰ বাবে মুকলি কৰা হ’ব বেংক একাউণ্ট। যাতে এইসকল ছাত্ৰীয়ে ‘সুকন্যা সম্বৃদ্ধি যোজনা’ত অন্তৰ্ভুক্ত হ’ব পাৰে ।