Local, Vocal, Global

Dengue death tops 800 : বাংলাদেশত ডেংগুৰ প্ৰাদুৰ্ভাৱ, এতিয়ালৈকে মৃত্যু ৮০০জন লোকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ছেপ্টেম্বৰ : এইবাৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ । ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডেংগু । দেশত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত হোৱা লোকৰ সংখ্যা(Dengue death tops 800)।

উল্লেখ্য যে, বাংলাদেশৰ ঢাকাত ডেংগুৱে কাল ৰূপ ধাৰণ কৰিছে ৷ প্ৰাপ্ত তথ্য় অনুসৰি,দেশখনত ডেংগুত আক্ৰান্ত হৈ এতিয়ালৈকে মৃত্যু মুখত পৰিছে ৮০০ ৰো অধিক লোক(Bangladesh reports over 800 deaths from dengue this year) । চলিত বৰ্ষত দেশখনত ডেংগুত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮০৪ লৈ বৃদ্ধি পাইছে ৷ দেশৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ ( DGHS) উদ্ধৃতি দি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে এই তথ্য(Bangladesh dengue death toll exceeds 800) ৷

ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা এক তথ্য অনুসৰি, ‘‘বিগত ২৪ ঘণ্টাৰ ভিতৰত বাংলাদেশত ডেংগুৰ দ্বাৰা সংক্ৰমিত হৈ পুনৰ ১৪ জন লোকৰ মৃত্যু হয় । চলিত বছৰত ডেংগু জ্বৰত আক্ৰান্ত ২,৫৯৮ জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ’’ ।

DGHS ৰ উল্লেখ কৰা মতে, নতুনকৈ ডেংগুত আক্ৰান্ত হোৱা ৰোগীৰ ৮৮১ জনক ঢাকাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ আনহাতে, বাকী আক্ৰান্ত লোকসকলক ৰাজধানীৰ বাহিৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

উল্লেখ্য যে, ঢাকা ট্ৰিবিউনত প্ৰকাশ কৰা অনুসৰি, ‘‘ঢাকাত ৪,২০৮ জন ৰোগী চিকিৎসা গ্ৰহণ কৰি আছে লগতে ১০,৩৩০ জন ডেংগু ৰোগীয়ে দেশৰ অন্যান্য চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে’’ ।

DGHS ৰ তথ্য মতে, চলিত বৰ্ষত দেশখনত ডেংগুত মুঠ ১৬৪,৫৬২ জন ৰোগী আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত সুস্থ্য হোৱা ৰোগীৰ সংখ্যা ১,৫৩,৪২৮ । ইফলে চলিত মাহত ডেংগুত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ২১১জনলৈ বৃদ্ধি পাইছে ৷

আনহাতে, UNICEF এ বাংলাদেশক ডেংগুৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে চিকিৎসা সহায় আগবঢ়াইছে । ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, “ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে জৰুৰীভাৱে প্ৰয়োজনীয় পৰীক্ষামূলক কিট আৰু পেছাদাৰীসকলৰ প্ৰশিক্ষণৰ লগতে স্বাস্থ্য, পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা খণ্ডৰ অন্যান্য সেৱা আগবঢ়াব ৷ UNICEF এ ডেংগু প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি আৰু প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰতো বহু কাম কৰিছে’’ ৷

লগতে পঢ়ক :PM Modi 73rd birthday today: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিন