Local, Vocal, Global

PM dives into sea to perform underwater puja off Dwarka : আৰব সাগৰত স্কুবা ডাইভিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নেশ্যনেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী : দ্বাৰকাত প্ৰধানমন্ত্ৰীৰ স্নান । আৰব সাগৰত স্কুবা ডাইভিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । পানীৰ তলত ডুব যোৱা প্ৰাচীন দ্বাৰকাত পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ(PM dives into sea to perform underwater puja off Dwarka)।

দেওবাৰে গুজৰাটত আৰব সাগৰৰ পাঞ্চকুই উপকূলত স্কুবা ডাইভিং কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পানীত ডুব যোৱা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাটো এক “ঐশ্বৰিক অভিজ্ঞতা” ৷

সামাজিক মাধ্যম Xৰ এটা পোষ্ট জড়িয়তে স্কুবা ড্ৰাইভিং অভিজ্ঞতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লিখে যে , “পানীত ডুব যোৱা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাটো আছিল এক অতি ঐশ্বৰিক অভিজ্ঞতা । আধ্যাত্মিক ভৱিষ্যৎ আৰু কালজয়ী ভক্তিপূৰ্ণ এক প্ৰাচীন যুগৰ সৈতে জড়িত অনুভৱ কৰিলোঁ। ভগৱান শ্ৰী কৃষ্ণই আমাক সকলোকে আশীৰ্বাদ কৰক ।”

আৰব সাগৰত স্কুবা ডাইভিং কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এক সমাৱেশত অংশ গ্ৰহণ কৰে আৰু ভাষণ প্ৰদান কৰে । ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছক আক্ৰমণ কৰে আৰু কয়, মাত্ৰ এটা পৰিয়ালৰ অগ্ৰগতি নিশ্চিত কৰিবলৈ কংগ্ৰেছৰ সমগ্ৰ শক্তি ব্যৱহাৰ কৰা হৈছে(PM Modi Goes Underwater, Prays At Dwarka’s Submerged City In Gujarat) ।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছৰ শাসনত সকলো ধৰণৰ কেলেংকাৰি সংঘটিত হৈছিল । ‘‘২০১৪ চনত যেতিয়া আপোনালোকে মোক দিল্লীলৈ পঠিয়াইছিল, তেতিয়া মই প্ৰতিশ্ৰুতি দিছিলো যে মই আৰু দেশখনত লুটপাত হ’বলৈ নিদিওঁ । কংগ্ৰেছৰ কাৰ্যকালত চলি থকা কেলেংকাৰী এতিয়া বন্ধ হৈ গৈছে । যোৱা ১০ বছৰত আমি ভাৰতক ৫ম বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তুলিলোঁ ।’’

লগতে পঢ়ক : Assam Congress President Bhupen Borah at Mangoldoi : দেওবাৰে মঙলদৈৰ ৰাজীৱ ভৱনত উপস্থিত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা