Local, Vocal, Global

Daily Horoscope for 26th February : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : নিজৰ হতাশা দূৰ কৰিবৰ বাবে পৰিয়ালৰ সদস্যৰ সহায় লওক। নিজৰ সমস্যা সমূহ অন্যৰ লগত ভাগ-বটৰা কৰিলে আপোনাৰ লাভান্বিত হব। আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপুোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰা মতে পৰিণাম নিদিব।

বৃষ ৰাশি : মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব।

মিথুন ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে নাথাকিব । যিবোৰ মানুহ পইচা ধাৰে ল’বলৈ আপোনাৰ কাষ চাপে ,তেখেত সকলক এৰাই চলক। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আপোনাৰ প্ৰিয়জন আজি ৰোমাণ্টিক মুডত থাকিব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব নহলে লোকচান হব পাৰে। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য’ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত।

কৰ্কট ৰাশি : আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আপোনাৰ জেদী স্বভাৱে আপোনাৰ মা-দেউতাৰ চিন্তাৰ কাৰণ হব পাৰে । আপোনাক তেখেতেৰ পৰামৰ্শত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।ধনাত্মক কথাত বিচাৰ কৰাৰ কোনো বেয়া কথা নহয়। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। সময়ৰ সদব্যৱহাৰ কৰা শিকক।আপোনাৰ জীৱন লগৰী আপোনাৰ দূৰ্বলতাখিনিক আপোনাক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব।

সিংহ ৰাশি : ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব।

কন্যা ৰাশি : আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেঁচাই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব অকল আপোনাৰ এক ভাল কামৰ সলনি। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ’ব ,কিন্তু আৱশ্যকীয় চিনাকি হবৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব। অনাকাংক্ষিত ভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভাল ভাৱে অতিবাহিত হব।

তুলা ৰাশি : আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি কৰোবাত ফুৰিব যাব পাৰে ,ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।

বৃশ্চিক ৰাশি : আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব।

ধনু ৰাশি : কিছুমান মানুহ ভাৱিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে , কিন্তু এই খিনি কথা সত্যৰ পৰ বহু দূৰত অৱস্থান কৰে। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব।

মকৰ ৰাশি : বহুত বেছি চিন্তাই আপোনাক মানসিক ভাৱে কঙা কৰি তুলিব পাৰে।ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী নহ’লে ই আপোনাক মানসিক ভাৱে আৰু শাৰীৰিক্ভাৱে পংগু কৰি দিব পাৰে। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। যদি আজি আপুনি আপোনাৰ পৰিচিত লোক সকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে ,তেন্তে আপোনাৰ হিতৰ হানি হব পাৰে। পৰিস্থিতি ৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে।

কুম্ভ ৰাশি : শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। শিশু সকলৰ তাত এই ক্ষমতা প্ৰকৃতিয়ে দিয়া ,এই গুণ আপোনাৰ পৰিয়ালৰ লগতে পৃথিৱীৰ সকলোও শিশুৰ মাজতে প্ৰদত্ত। সিহতে আপোনাক সন্তুষ্টি আৰু শান্তি দিব পাৰে। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।

মীন ৰাশি : আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ’লে আপুনি কিবা কৰি দেখুৱাব লাগিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে।