Pineapple benefits : গ্ৰীষ্মকালত আনাৰস খোৱাটো আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী ?

নিউজ ডেস্ক, ১৫ জুন : গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ শৰীৰটোৰ লগতে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অতিকে প্ৰয়োজনীয় হৈ পৰে (Temperature rises in summer) । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত নিজকে যিমান পাৰি হাইড্ৰেটেড কৰি ৰাখিব লাগে (Keep hydrated in summer)। ইয়াৰ ফলত আপোনাৰ শৰীৰত অতিৰিক্ত পানীৰ প্ৰয়োজন নহ’ব আৰু লগতে সকলো স্বাস্থ্যজনিত সমস্যাৰ পৰাও আপুনি পৰিত্ৰাণ পাব পাৰে ।
পাইন আপেল অৰ্থাৎ আনাৰস খোৱাটো গ্ৰীষ্মকালত এক সৰ্বোত্তম বিকল্প হ’ব পাৰে ।
এই ফল কেৱল সোৱাদযুক্তই নহয়, পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ (Pineapple rich in nutrients) । যি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণে উপকাৰ সাধন কৰিব পাৰে ।
আনাৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় পাচন প্ৰক্ৰিয়াতো দেহৰ বাবে ই এবিধ অতিকে উপকাৰী ফল । গৰমৰ দিনত আনাৰসক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি ৰখাটো অতিকে দৰকাৰী । আজিৰ এই প্ৰতিবেদনত আমি জানিবলৈ চেষ্টা কৰিম, গ্ৰীষ্মকালত আনাৰস খালে আমাৰ শৰীৰৰ কি কি উপকাৰ হয় ।
শৰীৰৰ হাড়বোৰ মজবুত হৈ উঠে –
গ্ৰীষ্মকালত আনাৰস খালে হাড় মজবুত হোৱাৰ লগতে আৰু শৰীটোক সুস্থ কৰি ৰাখে । ইয়াত থকা কেলচিয়ামে পেশীৰ বিষৰ পৰা উপশম দিয়ে । ইয়াত থকা মেংগানিজ আৰু কেলচিয়ামে হাড়ত হোৱা বহুতো ৰোগ নিৰাময় কৰে ।
হৃদযন্ত্ৰক সুস্থ সৱল কৰাত সহায় কৰে –
আনাৰসত থকা আঁহবোৰে কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰি হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াক খালে হৃদযন্ত্ৰৰ লগত জড়িত বহুকেইটা ৰোগৰ সম্ভাৱনা কমি আহে আৰু লগতে মেদবহুলতাৰ পৰাও সকাহ পোৱা যায় (pineapple benefits)।
ওজন কমাই তোলাত সহায় কৰে –
যদি আপুনি দীৰ্ঘদিন ধৰি শৰীৰৰ ওজন কমাবলৈ চেষ্টা কৰি আহিছে তেন্তে গ্ৰীষ্মকালত সীমিত পৰিমাণত আনাৰস খাওক । সীমিত পৰিমাণত আনাৰস খালে শৰীৰৰ ওজন কমাৰ লগতে পেটৰ চৰ্বিও দ্ৰুতগতিত হ্ৰাস পায় । তাৰোপৰি শৰীৰক প্ৰয়োজনীয় পানী যোগান ধৰাৰ লগতে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, যিয়ে শৰীৰৰ ওজন কমোৱাত যথেষ্টখিনি সহায় কৰে ।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে –
গ্ৰীষ্মকালত আনাৰস খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায় । আনাৰসত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ঋতুভিত্তিক বিভিন্ন ৰোগৰ সম্ভাৱনা কমাই তোলে । । তাৰোপৰি আমাৰ শৰীৰটো দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখিবৰ বাবে সীমিত পৰিমাণত আনাৰস খাব পাৰে ।
লগতে পঢ়ক : SAMARTH Admission Portal : ১০খন মহাবিদ্যালয়ত সমৰ্থ প’ৰ্টেলৰে শিক্ষাৰ্থীক আবেদনৰ সুযোগ প্ৰদান