Local, Vocal, Global

Daily Horoscope for 16th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ নতুন সম্বন্ধ অহাৰ সম্ভৱনা আছে ৷ বন্ধুৰ লগত সময় কটাওক ৷

বৃষ ৰাশি: নতুন ক্ষেত্ৰত কাম সহজ গতিত চলিব ৷ সহকৰ্মী সহযোগিতা লাভ কৰিব ৷ আপোনাৰ পদোন্নতি হোৱাৰ সম্ভৱনা আছে বা পুৰস্কাৰ লাভ কৰিব পাৰে ৷ আগতে হৈ নুঠা কামবোৰ আজি পূৰণ হ’ব ৷ বৈবাহিক জীৱন সুন্দৰ হ’ব।

মিথুন ৰাশি: এলাহতে বেছি সময় যাব আৰু তাৰ বাবে আপোনাৰ কামত প্ৰভাৱ পৰিব ৷ পেটৰ সমস্যাই আপোনাক বিপদত পেলাব ৷ আপোনাৰ খৰচৰ মাত্ৰা অধিক হ’ব পাৰে ৷ সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷

কৰ্কট ৰাশি:আজি আপুনি পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ আপোনাৰ খঙে আপোনাক বিপদজনক পৰিবেশলৈ লৈ যাব পাৰে ৷ অসামাজিক আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷

সিংহ ৰাশি: বিবাহিতসকলৰ ইজনৰ লগত সিজনৰ তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ আপোনাৰ সংগিৰ শৰীৰ ভালে নাযাব ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ’ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ পৰা বিপদত পৰাৰ সম্ভৱনা আছে ৷ সামাজিক কামত আপোনাক অপবাদ দিয়া হ’ব পাৰে ৷

কন্যা ৰাশি: ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে আপোনালৈ বাট চায় আছে ৷ আজি আপুনি সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ ভাল কামেৰে আপুনি নিজৰ পৰিচয দিব পাৰিব ৷

তুলা ৰাশি: আজিৰ দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰ প্ৰভাৱ পেলাব ৷ ছাত্ৰ-ছাত্ৰীসকল অলপ বাধাৰ সন্মুখীন হ’ব ৷ দূৰ ভ্ৰমণত নোযোৱাটোৱেই ভাল আৰু অযথা তৰ্ক-বিতৰ্ক এৰাই চলক ৷ সামাজিক আলোচনাও আপোনাৰ পক্ষত নাথাকিব ৷ নতুন কামত বিফল হ’ব, যদিহে আজি আৰম্ভ কৰে ৷ আপোনাৰ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷

বৃশ্চিক ৰাশি: শৰীৰে আপোনাক চিন্তাত পেলাব আৰু আপোনাৰ সম্বন্ধীয় সকলেও আপোনাক নিৰাস কৰিব ৷ আইনী কাগজ পত্ৰত চহী কৰাৰ পৰা আজি আঁতৰি থাকক ৷ আজিৰ দিনটো বৰ ভাল দিন নহয় ৷

ধনু ৰাশি: পৰিয়াল ,বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্য ভাললৈ আহিব আৰু নতুন আৰম্ভনিৰ সময় ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব ৷সামাজিক জীৱনত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব ৷

মকৰ ৰাশি: আপুনি আপোনাৰ অবিবেচক কামৰ বাবে অস্বাভাৱিক পৰিবেশত পৰিব পাৰে ৷ মিঠা মাতে আপোনাৰ সমস্যা দুৰ কৰিব ৷ ধন জমা কৰি ভাল ফল লাভ কৰিব ৷ শৰীৰ ভালে যাব কিন্তু চকুৱে দিগদাৰ দিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত আৰু কষ্ট কৰিব লাগিব ৷

কুম্ভ ৰাশি:আজি আপোনাৰ বাবে এটা শুভ দিন ৷ মানসিক ,শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ অনুভৱ কৰিব ৷নিজৰ ভিতৰত পবিত্ৰতা অনুভব কৰিব আৰু যিয়ে আপোনাক অলপ দুখী অনুভৱ কৰিব ৷

মীন ৰাশি: আজি আপোনাৰ শৰীৰ ভালে নাযাব আৰু মনোযোগ বিচ্ছিন্ন হ’ব পাৰে ৷ আপোনাৰ ঘনিষ্ট জনৰ লগত মতৰ ভিন্নতা আহিব পাৰে ৷ ধৰ্মীয় কামত খৰচ হ’ব পাৰে ৷ আপুনিনভবাকৈ ই আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ৷

লগতে পঢ়ক : Pineapple benefits : গ্ৰীষ্মকালত আনাৰস খোৱাটো আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী ?