Local, Vocal, Global

BJPs Public Relation Campaign : মন্ত্ৰী পীযুষ হাজৰীকাৰ হাইলাকান্দিত বিজেপিৰ জনসম্পৰ্ক অভিযানৰ পৰ্যালোচনা

নিউজ ডেস্ক, ১৩ জুন : মন্ত্ৰী পীযূষ হাজৰীকাই হাইলাকান্দিত বিজেপিৰ জনসংযোগ প্ৰচাৰ বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বান প্ৰতিৰোধক যথেষ্ট গুৰুত্ব দিছে।

লগতে মন্ত্ৰীগৰাকীয়ে তেওঁ তৃতীয়বাৰৰ বাবে শিলচৰত বেটুকান্দি মথাউৰিৰ কাম-কাজৰ পৰ্যৱেক্ষণ কৰে বুলিও উল্লেখ কৰে।

আনহাতে, কৰিমগঞ্জ লোকসভাৰ আসনত বিজেপিৰ আধিপত্য বজাই ৰাখিবলৈ শাসকীয় শিবিৰে চেষ্টা কৰিব বুলিও কয় তেওঁ।

হাইলাকান্দিত বিজেপিৰ জনসংযোগ প্ৰচাৰ বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । আনহাতে, সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ৰাজ্য চৰকাৰে বান প্ৰতিৰোধক যথেষ্ট গুৰুত্ব দিছে ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, নদীৰ মথাউৰি মেৰামতিৰ বাবে ৰাজ্যত মাত্র ১০ লাখ জিঅ’ বেগহে ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰি বৰাকৰ নদীৰ মথাউৰি উন্নত কৰাৰ ক্ষেত্ৰতো চৰকাৰ সক্ৰিয় হৈ থকাৰ কথাও তেওঁ উল্লেখ কৰে ।

ৰাজ্যৰ জলসম্পদ তথা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই হাইলাকান্দিত দলৰ জনসংযোগ অভিযানৰ পৰ্যালোচনাৰ পাছত তেওঁ দাবী কৰে যে বতৰ ভাল হ’লে ৩০-৩৫ হাজাৰ কৰ্মী আৰু সমৰ্থক গোট খাব । আনহাতে, কৰিমগঞ্জ লোকসভাৰ আসনত বিজেপিৰ আধিপত্য বজাই ৰাখিবলৈ শাসকীয় শিবিৰে চেষ্টা কৰিব বুলিও মন্ত্রী পীযুষ হাজৰীকাই ইংগিত দিয়ে ৷

লগতে পঢ়ক : Slab Falls From Maligaon Flyover : মালিগাঁৱত অঘটন, নিৰ্মাণাধীন উৰণীয়া সেঁতুৰ লোহাৰ প্লেট পৰি আহত দুজনলোক