Petrol Pump frauds: বোকাজানত গ্ৰাহকক প্ৰৱঞ্চনা,তেলৰ সলনি ওলাইছে পানী

বোকাজান, ১১জুন : বোকাজানৰ খটখটিত উত্তেজনা । খটখটিৰ এটা পেট্ৰল পাম্পত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতিৰ । বোকাজান মহকুমাৰ খটখটিৰ আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজানত NAYARA পেট্ৰল পাম্পত সংঘটিত হৈছে এই ঘটনাৰ । দেওবাৰে পুৱাই গ্ৰাহকে NAYARA পেট্ৰল পাম্পত ভৰাবলৈ গৈছিল তেল।তেল ভৰাই কিছুদূৰ যোৱাৰ পাছত বন্ধ হৈ যায় সেই বাহনসমূহৰ ইঞ্জিন (Petrol Pump frauds)। লগে লগে গ্ৰাহকে বাহনসমূহৰ তেলৰ টেংকী চাই আৰু তাৰ পিছত গ্ৰাহক নিজে আচৰিত হৈ পৰে। কাৰণ বাহনসমূহৰ তেলৰ টেংকীত ওলাইছে পেট্ৰলৰ সলনি লিটাৰে লিটাৰে পানী ।
যি সময়ত ৰাজ্যত দৈনন্দিত ব্যৱহৃত সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক , তেনে সময়ত একাংশ মুনাফালোভী ব্যৱসায়ীয়ে টকাৰ লোভত প্ৰবঞ্চনা কৰি একপ্ৰকাৰ মাধমাৰ সোধাইছে সাধাৰণ মানুখিনিক(Petrol pump cheating customers selling water instead of oil) ।
এই তেল ডিপুত তেলৰ সলনি পানী বিক্ৰী কৰি গ্ৰাহকক কেৱল টকাৰ কাৰণে প্ৰৱঞ্চনা কৰাই নহয় একোটা পৰিয়ালৰ জীৱিকাৰ পথ ধ্বংস কৰাৰ উপক্ৰম হৈছে । কিয়নো বাহনৰ ইঞ্জিনত পানী সোমোৱাৰ ফলত বিকল হৈ পৰা ইঞ্জিন। আৰু যাৰ এটা মূল্যৱান সম্পত্তিও নষ্ট হয়।আৰু যাৰ ফলত বাহনৰ মালিকসকলে অধিক টকা খৰছ কৰিহে পুনৰ বিকল হোৱা ইঞ্জিন মেৰামতি কৰিব লাগিব ।
ইফালে পূৰ্বতেও এই পাম্পত এনেদৰে তেলৰ সলনি পানী ওলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে।
উক্ত ঘটনাক কেন্দ্ৰ কৰি পেট্ৰল পাম্পটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে পেট্ৰল পাম্পটো শীঘ্ৰেই চীল কৰিবলৈ দাবী ভুক্তভোগীৰ । উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় আৰু ঘটনাস্থলীত খটখটি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ঘটনাসন্দৰ্ভত বিহীত পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে ভুক্তভোগীক( (Petrol Pump frauds) ।
প্ৰাপ্ত তথ্য় অনুসৰি,পৰিস্থিতি উত্তপ্ত হোৱাত পেট্ৰল পাম্পৰ কৰ্তৃপক্ষ আৰু পেট্ৰল পাম্পৰ মালিকে নিজ ভুল স্বীকাৰ কৰি ইঞ্জিন বিকল হৈ যোৱা বাহনসমূহ মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।
লগতে পঢ়ক : Road accident in Darrang : দলগাঁৱত সংঘটিত হোৱা পথ দুৰ্ঘটনা নিহত এজন কিশোৰ