Local, Vocal, Global

Petrol pumb scam in bilasipara:বিলাসীপাৰাৰ সাপটগ্ৰামস্থিত পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি

২ ফেব্ৰুৱাৰী ২০২৫,বিলাসীপাৰা : বিলাসীপাৰাৰ সাপটগ্ৰামস্থিত পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি।গ্ৰাহকক পেট্ৰল কম দিয়াৰ অভিযোগ ৰাইজৰ ।উত্তেজিত ৰাইজে উত্তাল কৰি তোলে পেট্ৰল পাম্পৰ চৌহদ ।উত্তেজিত ৰাইজে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পেট্ৰল পাম্পৰ চৌহদ ।উল্লেখ্য যে সাপটগ্ৰাম ছোৰাউগি পেট্ৰলিয়াম এজেন্সীৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ অভিযোগ ।পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰীয়ে দীৰ্ঘদিন ধৰি গ্ৰাহকক ৰামঠগন দি অহাৰ অভিযোগ ।এজন গ্ৰাহকে পাম্পটোৰ পৰা ক্ৰয় কৰিছিল ৩৫ লিটাৰ পেট্ৰল।কিন্তু ৩৫ লিটাৰ পেট্ৰলৰ পৰিবৰ্তে পেট্ৰল পাম্প কৰ্তৃপক্ষই ৩২ লিটাৰ পেট্ৰল দিয়ে।৩ লিটাৰ পেট্ৰল কম দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজে উত্তেজিত হোৱা দেখিবলৈ পোৱা গৈছে ।এই প্ৰতিবাদৰ জড়িয়তে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।