Local, Vocal, Global

Petrol, diesel price hike : জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য

নিউজ ডেস্ক,৬জুন : ৰাইজক মাধমাৰ দিবলৈ সাজু শাসনাধিষ্ঠ চৰকাৰ। জনতাৰ ওপৰত চৰকাৰৰ আন এক মাধমাৰ। ইতিমধ্যেই মুদ্ৰাস্ফিতীয়ে কোঙা কৰি তোলা জনতাৰ সমস্যা ই দুগুণ কৰি তুলিব ।

জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ইতিমধ্যে কোঙা কৰিছে সাধাৰণ জনতাক।তাৰ মাজতে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দেশত প্ৰায়েই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰাৰ মাজতে শেহতীয়াকৈ ঔষধৰ মূল্য বৃদ্ধিয়ে সকলোকে চিন্তাত পেলাইছে(Petrol, diesel price hike) ।

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পিছতে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি । এইবাৰ পেট্ৰ’লত ১.০২ টকা, ডিজেলত ১.০১ টকাকৈ দাম বৃদ্ধি। পেট্ৰ’ল-ডিজেলত ভেট বৃদ্ধি কৰাত বৃদ্ধি পালে দাম। নিৰ্বাচনী ফলাফলৰ এটা দিনৰ পাছতে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি।