Local, Vocal, Global

বদৰুদ্দিন আজমলৰ কথা নাকচ কৰি ঈদৰ কোৰবানীৰ গৰু লবলৈ বজাৰত লোকৰ ভিৰ

নিউজ ডেক্স, ৭ জুলাই : মৌলানা বদৰুদ্দিন আজমলৰ আহ্বানক নামানে লখিমপুৰৰ মুছলমানে। ঈদৰ কোৰবানীৰ গৰু লবলৈ বজাৰত হাজাৰ-হাজাৰ লোকৰ ভিৰ।

লখিমপুৰৰ বঙালমৰাৰ গৰু বজাৰত বিক্ৰী হৈছে সহস্ৰাধিক গৰু। আজমল মুছলমানৰ অভিভাৱক নহয় বুলি মন্তব্য কৰে সেই বজাৰতে উপস্থিত থকা বহু লোকে।

একাংশৰ মন্তব্য মুছলমানৰ অভিভাৱক নহয়, আমি আজমলৰ কথা মতে নচলো’ । বদৰুদ্দিন আজমল কোনোদিনে মুছলমান সমাজক অভিভাৱক নাছিল আৰু নহয়।

তেখেতে যি কয় সেয়া আমি আখৰে আখৰে পালন নকৰো। আজমল চাহাবৰ কথা মতে আমি নচলো। আমি ইছলামৰ সংবিধান মতেহে চলো, ইছলামৰ সংবিধান হে মানি চলো।

আজি বঙালমৰাৰ গৰু বজাৰত কোৰবানীৰ গৰু কিনিবলৈ হাজাৰ-হাজাৰ লোকৰ ভিৰ প্ৰত্যক্ষ হয় । বহু লোকে মন্তব্য কৰে যে, আজমলে ক’লেও আমি নামানো। গৰু কোৰবানী আমি দিমেই। আমাৰ ধৰ্ম আমি পালন কৰিমেই।

ইছলাম সংবিধান অনুসৰি আমি চলিমেই, অসমৰ মুছলমানৰ ওচৰত ক্ষমা বিচাৰক আজমলে বুলিও মন্তব্য কৰে কিছু লোকে।

উল্লেখ্য যে, সমাগত ইদত এইবাৰ মৌলানা বজৰুদ্দিন আজমলে সকলো মুছমান সমাজলৈ গৰু কোৰৱান নিদিবলৈ আহ্বান জনাইছিল। হাইলাকান্দিত হোৱা এক সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছিল আজমলে।
আজমলে কৈছিল, ইছলাম ধৰ্মত যি কোনো প্ৰাণীক কষ্ট নিদিয়াৰ কথা উল্লেখ আছে ।

লগতে যিহেতু ভাৰতবৰ্ষৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ লোক সকলে গৰুক এক পবিত্ৰ আৰু পুজনীয় জন্তু হিচাপে মান্য কৰে সেইহেতু ইছলাম ধৰ্মাৱলম্বী লোক সকলক গৰুৰ পৰিৱৰ্তে আন পশুৰ কোৰবানী দিয়াৰ আহ্বান জনাইছিল।

আজমলৰ এই মন্তব্যৰ পিছত এতিয়া একাংশৰ মৌলানা বজৰুদ্দিন আজমলক কটাক্ষ।