Local, Vocal, Global

ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে চৰ্চাত এগৰাকী ভাৰতীয়ৰ নাম

নিউজ ডেক্স,৭ জুলাই : বৰিছ জনছনৰ পদত্যাগৰ পাছতে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শীৰ্ষত আছে এগৰাকী ভাৰতীয়ৰ নাম।

বৰিছ জনছনৰ পদত্যাগৰ পাছতে এতিয়া ঋষি সুনকৰ নাম আছে শীৰ্ষত । ঋষি সুনক ব্ৰিটেইন চৰকাৰৰ বিত্ত মন্ত্ৰী আছিল।

৫ জুলাইৰ পৰাই বৰিছ জনছনৰ ওপৰত সংকটে দেখা দিছিল, যেতিয়া ব্ৰিটেইন চৰকাৰৰ প্ৰথম মন্ত্ৰী হিচাপে বিত্ত মন্ত্ৰী ঋষিয়ে পদত্যাগ কৰিছিল।

৪২ বৰ্ষীয় ঋষি সুনক ২০২০ চনত ব্ৰিটেইনৰ বিত্ত মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰি ইতিহাস ৰচনা কৰিছিল। তেতিয়াৰ পৰাই ব্ৰিটেইনত চৰ্চিত ব্যক্তি হৈ পৰিছিল সুনক।

উল্লেখ্য যে ঋষি সুনকৰ নাম শীৰ্ষত থকাৰ লগতে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদত আছে এইগৰাকী ভাৰতীয়ৰ নাম।