Local, Vocal, Global

People fascinated by an artist works: শিল্পীৰ হাতৰ পৰশত প্ৰাণ পালে কেইগৰাকী মনীষীয়ে

People fascinated by an artist works: শিল্পীৰ হাতত পৰশত প্ৰাণ পালে কেইগৰাকী মনীষীয়ে

জামুগুৰিহাট, ১২ জুলাই : জামুগুৰিহাটৰ এগৰাকী প্ৰচাৰ বিমুখ যুৱ ভাষ্কৰ্য শিল্পী। তজিৰুল হক নামৰ যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন শিল্প কৰ্মাৰ। বাঁহৰ টুকুৰাৰ অভিনৱ ভাষ্কৰ্য্য শিল্পই সৃষ্টি কৰিছে চমক(People fascinated by an artist works) ৷

জামুগুৰিহাটৰ বাকোলা গাঁৱৰ তজিৰুল হক নামৰ লোকজনে বাঁহৰ টুকুৰাৰে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে ৷ সৰুকালৰ পৰাই হাতত লৈ থকা কটাৰী খনৰেই বাঁহৰ টুকুৰাত শিল্পী মনৰ প্ৰতিফলন ঘটাই বিভিন্ন ভাষ্কৰ্য খোদিত কৰি আহিছে তজিৰুলে (People fascinated by an artist works of Jamuguri in Sonitpur)।

শেহতীয়াভাৱে বাঁহৰ টুকুৰাৰে আকৰ্ষণীয় ৰূপত তৈয়াৰ কৰি উলিয়াইছে ৱাটাৰ ফাউন্টেইন ৷ বাঁহৰ টুকুৰাৰে নিখুট ৰূপত তৈয়াৰ কৰি উলিওৱা এই ৱাটাৰ ফাউন্টেইনত চাইকেল চলোৱা, দমকল মৰা, ঘোঁৰা দৌৰা, বৰশী বোৱা, কুলাত চাউল জৰাকে ধৰি বিভিন্ন দৃশ্য সাইলাখ জীৱন্ত ৰূপত প্ৰতিফলিত হৈছে ৷ তদুপৰি তজিৰুলে কেৱল বাঁহ টুকুৰাৰে নিৰ্মাণ কৰি উলিওৱা কলকাতাৰ হাওৰা দলঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ শিল্পী গৰাকীয়ে বাঁহৰে তৈয়াৰ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীক।

নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল, জ্যোতিপ্ৰসাদ আগৰৱালা, নেতাজী সুভাষ চন্দ্ৰ বসু, সুধাকণ্ঠ ড°ভূপেন হাজৰিকা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক তৈয়াৰ কৰিছে (People fascinated by an artist works)।

উল্লেখ্য যে, তজিৰুলে বিগত প্ৰায় দহ বছৰো অধিক কাল ধৰি নিজৰ ভাষ্কৰ্য শিল্প চৰ্চা অব্যাহত ৰাখিছে যদিও আৰ্থিক দুৰ্বলতাৰ বাবেই আধুনিক নিৰ্মাণ যন্ত্ৰ পাতি ক্ৰয় কৰিব পৰা নাই। ভাষ্কৰ্য শিল্পী তজিৰুলে নিজে নিৰ্মাণ কৰি উলিওৱা সামগ্ৰী সমূহ বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিছে ৷ এনেদৰেই নিজে স্বাৱলম্বী হৈ পৰিয়াল ভৰন পোষন দিয়াৰ লগতে আনকো স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে তজিৰুলে ৷ জামুগুৰিহাটৰ এই গৰাকী যুৱ ভাষ্কৰ্য শিল্পীৰ সৃষ্টিশীল মনে নতুন নতুন সৃষ্টিত মনোনিৱেশৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে (People fascinated by an artist works) ৷

চৰকাৰে এইক্ষেত্ৰত যুৱ ভাষ্কৰ্য শিল্পী তজিৰুল হকক আৰ্থিকভাৱে কিছু সহায় সহযোগিতা আগবঢ়ালে অনাগত দিনত তেঁও নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈ ৰাইজক নতুন নতুন সৃষ্টি উপহাৰ দিবলৈ সক্ষম হ’ব আশা বুলি প্ৰকাশ কৰিছে।

লগতে পঢ়ক : WB panchayat election violence : হিংসাত্মক পৰিস্থিতিৰ বাবে পশ্চিম বংগৰ প্ৰায় ১৫০ জন লোকে অসমত আশ্ৰয় লৈছে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা