Local, Vocal, Global

Pema Khandu’s swearing-in ceremony in Itanagar on June 13 : বৃহস্পতিবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব পেমা খাণ্ডুৱে

নিউজ ডেস্ক,১২জুন : কাইলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান । বৃহস্পতিবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব পেমা খাণ্ডুৱে(Pema Khandu’s swearing-in ceremony in Itanagar on June 13) ।

পেমা খাণ্ডুৱৰ শপত গ্ৰহণ অনুষ্ঠান উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা(Amit Shah, Nadda to attend swearing-in ceremony of Arunachal Pradesh CM tomorrow) ।

জানিব পৰা মতে ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাৰ্ণাইকে মুখ্যমন্ত্ৰীৰূপে পেমা খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে চাউনা মেন’ক শপত বাক্য পাঠ কৰাব ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিধানসভা আৰু লোকসভা দুয়োটা নিৰ্বাচনতে এক অভূতপূৰ্ব ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । এইবাৰ মন্ত্ৰীসভাত বহুকেইগৰাকী জ্যেষ্ঠ বিধায়কে স্থান লাভ কৰাৰ লগতে পূৰ্বৰ মন্ত্ৰীসভা দৰে প্ৰায় একে থাকিব বুলি অনুমান কৰা হৈছে । ৰাজ্যখনৰ ধাৰাবাহিক উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰি জনসাধাৰণে একেখন চৰকাৰক পুনৰ শাসনৰ ভাৰ ল’বলৈ নিৰ্বাচিত কৰা বুলিও শাসকীয় পক্ষই ক’ব বিচাৰে ।

লগতে পঢ়ক : 25kg tumour removed from woman’s stomach : লখিমপুৰত এগৰাকী মহিলা ৰোগীৰ পেটৰ পৰা ওলাল ২৫ কেজি ওজনৰ টিউমাৰ