Local, Vocal, Global

In dilemma on whether to retain Wayanad or Rae Bareli Lok Sabha seat : ৱায়ানাড নে ৰায়বৰেলী? চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাত বিমোৰত ৰাহুল গান্ধী

নিউজ ডেস্ক,১২জুন : ৱায়ানাড নে ৰায়বৰেলী? চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাত বিমোৰত ৰাহুল গান্ধী ।

শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত ৱায়নাড আৰু ৰায়বৰেলী লোকসভা আসনৰ পৰা বৃহৎ ব্যৱধানত জয়ী হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । আনহাতে, নিৰ্বাচনী ফলাফলৰ পিচত তেওঁ কোনটো সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত ল’ব তাক লৈ এতিয়া তেওঁ এক দ্বিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে লগতে কয় যে তেওঁ যি সিদ্ধান্ত ল’ব, তাত নিশ্চয় দুয়োটা সমষ্টিয়েই ‘সুখী’ হ’ব । উল্লেখ্য, তেওঁ ৱায়নাডৰ এখন ৰাজহুৱা সভাত তেওঁক ভোট দিয়া ভোটাৰসকলক ধন্যবাদ জনায় । লগতে সাধাৰণ নিৰ্বাচনত তেওঁক দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ বাবে ৱায়নাডৰ বাসিন্দাসকলৰ প্ৰতি তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয়, “মই সোনকালেই আপোনালোকক লগ পাবলৈ বাট চাই আছোঁ ।”

লগতে ৰাহুল গান্ধীয়ে কয় যে “মোৰ সন্মুখত এক দোধোৰ-মোধোৰ পৰিস্থিতি । মই ৱায়নাডৰ সাংসদ হ’ব লাগে নে ৰায়বৰেলীৰ হ’ব লাগে তাক লৈ দ্বিধাগ্ৰস্ত । মই আপোনালোকক এইটোৱে প্ৰতিশ্ৰুতি দিম যে ৱায়নাড আৰু ৰায়বৰেলী দুয়োটা সমষ্টিয়ে মোৰ সিদ্ধান্তত সুখী হ’ব ।” তেওঁ জয়লাভ কৰা দুখন আসনৰ ভিতৰত এখন এৰি দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত ৰাহুলে এনেদৰে কয় ।

উল্লেখ্য যে সাংবিধানিক ব্যৱস্থা অনুসৰি, তেওঁ ফলাফল ঘোষণাৰ তাৰিখৰ পৰা দুসপ্তাহৰ ভিতৰত জয়ী হোৱা আসনকেইখনৰ ভিতৰত মাত্ৰ এখনতহে থাকিব পাৰিব । আনহাতে, যদি বিজয়ী প্ৰাৰ্থীগৰাকীয়ে জয়ী হোৱা দুখন আসনৰ ভিতৰত যিকোনো এখন খালী কৰাত ব্যৰ্থ হয়, তেন্তে দুয়োখন আসনৰ পৰায়ে তেওঁ অযোগ্য হোৱাৰ ব্যৱস্থা আছে( In dilemma on whether to retain Wayanad or Rae Bareli Lok Sabha seat) ।

আনহাতে, প্ৰধানমন্ত্ৰীক উপহাস কৰি ৰাহুলে কয় যে তেওঁ কি কৰিব লাগিব সেই সন্দৰ্ভত ভগৱানৰ পৰা কোনো নিৰ্দেশনা লাভ নকৰে । “কিন্তু প্ৰধানমন্ত্ৰীয়ে কৰে । ভগৱানে প্ৰধানমন্ত্ৰীক দেশৰ মুখ্য বিমানবন্দৰ আৰু বিদ্যুৎ প্ৰকল্পসমূহ আদানিক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছে ।” তেওঁ কয় ।

ইফালে ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰাহুলে কয় যে এই যুঁজখন ভাৰতৰ সংবিধান ৰক্ষাৰ বাবে আছিল আৰু সেই যুঁজত প্ৰেম, স্নেহ আৰু নম্ৰতাৰ দ্বাৰা ঘৃণা আৰু অহংকাৰ পৰাজিত হৈছে ।

ৰাহুল গান্ধীয়ে লগতে কয় যে মোদীয়ে এতিয়া তেওঁৰ মনোভাব সলনি কৰাৰ সময় আহি পৰিছে, কিয়নো ভাৰতৰ জনসাধাৰণে তেওঁলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে । লগতে তেওঁ নৱগঠিত চৰকাৰখনক ‘পংগু’ বুলিও অভিহিত কৰে ।

লগতে পঢ়ক : Pema Khandu’s swearing-in ceremony in Itanagar on June 13 : বৃহস্পতিবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব পেমা খাণ্ডুৱে