Local, Vocal, Global

Bangladeshi reporter killed in Dhaka : বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে মূৰত গুলী লাগি নিহত যুৱ সাংবাদিক

নিউজ ডেস্ক,২০জুলাই : সংৰক্ষণ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ। ঢাকাত মৃত্যু যুৱ সাংবাদিকৰ। বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে মূৰত গুলী লাগি নিহত এজন যুৱ সাংবাদিকৰ। নিহত সাংবাদিকজন হাছান মেহেদী।

উল্লেখ্য যে, ১৮ জুলাই, বৃহস্পতিবাৰে ঢাকাৰ যাত্ৰাবাৰী অঞ্চলত আৰক্ষী বাহিনী আৰু আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজৰ সংঘৰ্ষৰ ঘটনাৰ বাতৰি সংগ্ৰহৰ সময়তে ‘ঢাকা টাইমছ’ৰ সাংবাদিক হাছান মেহেদী (৩৫) নিহত হয়। ঢাকা টাইমছৰ মেনেজমেণ্টে নিশ্চিত কৰিছে যে হাছানৰ মূৰত গুলীয়ে আঘাত কৰাৰ বাবে তেওঁৰ মৃত্যু হৈছে(Bangladeshi reporter killed in Dhaka)।

এই ঘটনা সন্দৰ্ভত পি ই চিয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে, “ঢাকাত হাছান মেহেদীক হত্যা কৰাৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছো।

পি ই চিৰ দক্ষিণ এছিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰিয়াই এই সন্দৰ্ভত কয়, যে বৃহস্পতিবাৰৰ পৰা দেশখনত ছাত্ৰসকলে ব্যাপক প্ৰতিবাদ অব্যাহত ৰখাৰ পাছতো বহুতো বাংলা সংবাদ মাধ্যম প্ৰতিক্ৰিয়াহীন হৈ আছে। মেহেদী এই বছৰ বাংলাদেশত নিহত হোৱা প্ৰথমজন সাংবাদিক(PEC condemns killing of Bangladeshi journalist amidst job-quota protests)।

লগতে পঢ়ক : Bangladesh violence : বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদতে লৈছে ভয়ংকৰ ৰূপ;এই পৰ্যন্ত মৃত্যু ১০৫জনৰ