Local, Vocal, Global

Paul High School in Tinsukia Sealed Amid Unrest Over Student’s Death : স্কুলৰ বাৰান্দাত ওলমি থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

নিউজ ডেস্ক,১ডেস্ক,১জুলাই : স্কুলৰ বাৰান্দাত ওলমি থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ ।

তিনিচুকীয়া জিলাৰ লেখাপানীৰ উদয়পুৰত চাঞ্চল্যকৰ ঘটনা। তিনিচুকীয়াৰ ছেইণ্ট বল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যু হয় । মৃত ছাত্ৰজন দশম শ্ৰেণীৰ গামৰিন মাকাত বুলি জানিব পৰা গৈছে।মৃত ছাত্ৰজনৰ ঘৰ লেখাপানী থানাৰ অন্তৰ্গত কুমচাইত। ছাত্ৰাবাসৰ বাৰান্দাত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ।মৃত ছাত্ৰজনৰ হাত-ভৰি বন্ধা অৱস্থাত আছিল।

অভিভাৱক তথা স্থানীয় ৰাইজে এয়া আত্মহত্যা নহয় আৰু হত্যাকাণ্ড বুলি সন্দেহ কৰিছে(Paul High School in Tinsukia Sealed Amid Unrest Over Student’s Death) ।

এই ভয়ংকৰ ঘটনা পোহৰলৈ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া উপস্থিত হয় আৰু ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

এই ঘটনাক লৈ লেখাপানীৰ উদয়পুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়খনৰ লগতে ছাত্ৰাবাসটোতো ছীল কৰি তলা ওলমাই দিয়ে আৰক্ষীয়ে।

বৰ্তমান বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা অধীক্ষক আৰু ছাত্ৰাবাসত থকা আটাইকেইজন ছাত্ৰক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে লেখাপানী আৰক্ষীয়ে(Paul High School in Tinsukia Sealed Amid Unrest Over Student’s Death)।

লগতে পঢ়ক : Supected Murder in Marigaon : মৰিগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু