Local, Vocal, Global

Supected Murder in Marigaon : মৰিগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক,১আগষ্ট : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ ।

পুনৰ বোৱাৰীৰ মৃত্যুত ৰহস্য । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই ।

পুনৰ ন-বোৱাৰীক হত্যা । এইবাৰ মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন-বোৱাৰীক হত্যাৰ অভিযোগ। যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে ন-বোৱাৰীক শাৰীৰিক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলাম নামৰ যুৱকজনে সাত মাহ পূৰ্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰী গৰাকীৰ সৈতে। কিন্তু বিয়াৰ পিছৰে পৰা স্বামী আৰু তেওঁৰ পৰিয়ালে বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে(Supected Murder in Marigaon) ।

বোৱাৰীগৰাকীক পৰিয়ালৰ লোকে হত্যা কৰি চূড়ান্ত সিদ্ধান্ত লোৱাৰ ৰূপ দিয়াৰ চেষ্টা চলায় স্বামী পৰিয়ালৰ লোকে।

বৰ্তমান ঘটনা সন্দৰ্ভত বড়িবজাৰ আৰক্ষী পহৰা চকীত বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । সংবাদ মাধ্যমৰ জৰিয়তে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীৰ পৰিয়ালে(Supected Murder in Marigaon)।

এগৰাকী ন-বোৱাৰীক যৌতুকৰ বাবে শাৰীৰিক-মানসিক নিৰ্যাতন চলাই হত্যা কৰি চূড়ান্ত সিদ্ধান্ত লোৱাৰ ৰূপ এই পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।