Local, Vocal, Global

Girl cuts off boyfriends genitals: হোটেলৰ কোঠাত প্ৰেমিকৰ যৌনাংগ কাটিলে প্ৰেমিকাই

নেশ্যনেল ডেস্ক,৮ জুন: বৃহস্পতিবাৰে পুৱতি নিশা বিহাৰৰ পাটনাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ( Shocking incident in Patna) । এগৰাকী যুৱতীয়ে চোকা অস্ত্ৰৰে কাটিলে তেওঁৰ প্ৰেমিকৰ যৌনাংগ (Girl allegedly chopped off genitals of her boyfriend) । এগৰাকী আৰক্ষী বিষয়াই এই কথা সদৰি কৰি জানিবলৈ দিয়া মতে, যুৱকজনৰ ব্যক্তিগত অংশ যৌনাংগৰ প্ৰায় ৬০ শতাংশ কটা যোৱাৰ ফলত বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক হৈ আছে (Girl cuts off boyfriends genitals) ।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, তেওঁলোকৰ বিবাহ সন্দৰ্ভত দুয়োৰে মাজত হৈছিল বিবাদ (Dispute regarding marriage) । যুৱকজন ছত্তীশগড়ৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (Central Reserve Police Force)ত কৰ্মৰত থকাৰ বিপৰীতে যুৱতীগৰাকীয়ে পাটনাত অধ্যয়ন কৰি আছিল । দুয়ো পাটনাস্থিত এগজিবিচন ৰোড হোটেলত গোপনে বিবাহপাশত আবদ্ধ হৈছিল ।

ঘটনাটোৰ সবিশেষ এনেধৰণৰ । শেহতীয়াকৈ যুৱতীগৰাকীয়ে জানিব পাৰিছিল যে তাইৰ প্ৰেমিকে অহা ২৩ জুনত আন কোনো যুৱতীৰে সৈতে বিবাহৰ দিন স্থিৰ কৰিছে । এই কথা জানিব পাৰি যুৱতীগৰাকীয়ে এই বিয়াৰ বিৰোধিতা কৰাৰ লগতে প্ৰেমিকক আন কাৰোবাৰ সৈতে বিয়াত নবহিবৰ বাবে হেঁচা প্ৰয়োগ কৰে । লগতে যুৱতীগৰাকীয়ে আত্মহত্যাৰ ভাবুকিৰে তেওঁৰ প্ৰেমিক যুৱকক এগজিবিচন ৰোড হোটেললৈ মাতি পঠিয়াই । ইয়াৰ পিছত হোটেলৰ এটা কোঠা বুক কৰি দুয়ো গোপনে বিবাহপাশত আবদ্ধ হয় ।

হোটেলত উপস্থিত হোৱাৰ পিছত যুৱতীগৰাকীয়ে প্ৰেমিক যুৱকক আন যুৱতীৰে বিয়াত নবহিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল । যেতিয়া যুৱকজনে তেওঁৰ পৰিয়ালৰ কথা মানি তেওলোকে পচন্দ কৰা আন যুৱতীগৰাকীৰে বিবাহ পাশত আৱদ্ধ হ’ব লাগিব বুলি জনালে, তেতিয়াই যুৱতীগৰাকীয়ে তেওঁৰ যৌনাংগটো কাটি পেলাই । ইফালে চিঞৰ শুনি হোটেলৰ আন একাংশ লোক কোঠাটোত উপস্থিত হৈ সংকটজনক অৱস্থাত যুৱকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ পাটনা চিকিৎসা মহাবিদ্যালয়(Patna Medical College and Hospital)লৈ প্ৰেৰণ কৰে ।

এই খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । পাটনাৰ মহানগৰ আৰক্ষী অধীক্ষক বৈভৱ শৰ্মাই জনোৱা অনুসৰি, “এগৰাকী যুৱতীয়ে হোটেলৰ কোঠাত এজন যুৱকৰ যৌনাংগটো কাটি পেলাইছে (Woman cut the private part of a man) । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছে । আনহাতে যুৱকজন বৰ্তমান পিএমচিএইচত চিকিৎসাধীন হৈ আছে । বিষয়টোক লৈ ইতিমধ্যে তদন্ত অব্যাহত আছে।”

লগতে পঢ়ক: Mumbai murder case : সংগীক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি কাটিলে প্ৰেমিকে