Local, Vocal, Global

Patharughat farmers riot: পথৰুঘাটৰ কৃষক শ্বহীদ সমাধি ক্ষেত্ৰত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ শ্ৰদ্ধাঞ্জলি

ছিপাঝাৰ,২৮জানুৱাৰী : পথৰুঘাটৰ কৃষক শ্বহীদ সমাধি ক্ষেত্ৰত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ শ্ৰদ্ধাঞ্জলি।

১৮৯৪ চনৰ ২৮ জানুৱাৰীত ব্ৰিটিছৰ বৰ্দ্ধিত হাৰত খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ সাতকুৰি নিৰীহ কৃষক প্ৰজা শ্বহীদ হৈছিল আৰু আহত হৈছিল শত শত প্ৰজা। সাত কুৰি শ্বহীদ কৃষক একেটা গাঁততে পুতি থোৱা হৈছিল। যিটো দিনত ৰজাঘৰ -প্ৰজাঘৰে কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে(Patharughat farmers riot)।

এইবেলিও দৰং জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হৈছে কৃষক শ্বহীদ দিৱস। তিনিদিনীয়াকৈ উদযাপন কৰা কৃষক শ্বহীদ দিৱসৰ আজিৰ দিনটোত পুৱা ভাগত গ্ৰহন কৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।কৃষক শ্বহীদ সমাধি ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু দৰং জিলা কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই শ্বহীদ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে কৃষক শ্বহীদ ভৱনত‌ আয়োজন কৰা এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা কৃষক শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনাই।

লগতে পঢ়ক :Bathou Puja 2024: বাক্সাৰ বাথৌফুৰিত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বাথৌ পূজা