Local, Vocal, Global

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ!

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ। ছিক্স-এ-ছাইড ক্ৰিকেট ফেডাৰেশ্যনৰ উপ-সভাপতিপদৰ বাবে মনোনীত অসমৰ পাৰ্থ সাৰথি মহন্ত। ছিক্স-এ-ছাইড ক্ৰিকেট ফেডাৰেশ্যনৰ সচিব প্ৰধান দেৱ বালহাৰাই আগবঢ়াইছিল মহন্তক প্ৰস্তাৱ। আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই ফেডাৰেশ্যনৰ সচিব প্ৰধান দেৱ বালহাৰা প্ৰস্তাৱৰ সন্মতি দিয়াৰ পিছতে অসমৰ আন এগৰাকী ক্ৰীড়া সংগঠকে ৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব প্ৰদানৰ সুযোগ লাভ কৰিছে। এক বিবৃতিৰ জৰিয়তে মহন্তক ছিক্স-এ-ছাইড ক্ৰিকেট ফেডাৰেশ্যনৰ উপ-সভাপতিপদত অন্তৰ্ভুক্তিয়ে ছিক্স-এ-ছাইড ক্ৰিকেটক অধিক জনপ্ৰিয় কৰি তুলিব বুলি উল্লেখ কৰিছে।