Local, Vocal, Global

শীঘ্ৰেই বিবাহ পাশত আবদ্ধ হ’ব পৰিণীতি চোপ্ৰা

ডিজিটেল ডেস্ক: শেহতীয়াকৈ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে এক বিশেষ যুটীয়ে, এইবাৰ বলীউডৰ মোহময়ী তাৰকা পৰিণীতি চোপ্ৰাৰ বিবাহৰ গোন্ধ পাইছে নেটিজন সকলে,পৰিণিতি চোপ্ৰাৰ বিবাহৰ আমেজ লবলৈ সাজু হৈছে সমগ্ৰ দেশবাসী৷
আজিকালি প্ৰায়েই একেলগে দেখিবলৈ পোৱা যায় বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ ছদ্ধাক। পৰিণীতি চোপ্ৰা, আৰু ৰাঘৱ ছাদ্ধা অতিসোনকালেই বিবাহ পাশত আৱদ্ধ হ’ব বুলি, আম আদমী পাৰ্টিৰ সাংসদে নিশ্চিত কৰিছে৷
তথা দুয়োকে মুম্বাইৰ ৰেষ্টুৰেণ্টসমূহত সঘনাই একেলগে সময় অতিবাহিত কৰাও দেখিবলৈ পোৱা গৈছে৷

জানিব পৰা মতে নেতা ৰাঘৱ চাধা আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰা দুয়োজন দ্ৰীঘ দিন ধৰি প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈ আছিল৷
বৰ্তমান অনুৰাগীসকলে দুয়োজন প্ৰেমিক যুগলৰ বিবাহৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী হৈ পৰিছে।
আম আদমী পাৰ্টি ওৰফে আপৰ সাংসদ সঞ্জীৱ অৰোৰাই নিশ্চিত কৰিছিল যে ৰাঘৱ চাধা আৰু পৰিণীতি চোপ্ৰাৰ ৰোকা অনুষ্ঠান সমম্মন্ন হৈছে। তেওঁ টুইটাৰৰ জৰিয়তে লিখিছিল যে, “মই @raghav_chadha আৰু @ParineetiChopra আন্তৰিক অভিনন্দন জনাইছো। তেওঁলোকৰ মিলনত প্ৰেম, আনন্দ আৰু সঙ্গীৰ প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ হওঁক। এইয়াই মোৰ শুভকামনা! সঞ্জীৱ অৰোৰাৰ এই বিশিষ টুইটটোৰ পাছতেই নেটিজনসকলৰ মাজত তোলপাৰ লাগে, তাৰপাছতেই নেটিজেনসকলে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাধাক ছ’চিয়েল মিডিয়াত অভিনন্দন জনোৱা আৰম্ভ কৰে।

এই বিষয়টো সন্দৰ্ভত দুয়োজনৰ ভিতৰৰ এজনেও বৰ্তমানলৈ কোনো ধৰণৰ স্পষ্টতা আগবঢ়োৱা নাই যদিও দুয়োটা পৰিয়ালে এই বিষয়ত কথা-বতৰা আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে। বিশেষ সূত্ৰ অনুসৰি, বিবাহ সন্দৰ্ভত দুয়োজনৰ পৰিয়ালে ইতিমধ্যে কথা-বতৰা পাতিছে আৰু অতিশীঘ্ৰেই বিবাহপাশত আবদ্ধ হ’ব ৰাঘৱ আৰু পৰিণীতি, সম্পূৰ্ণ হিন্দু ধৰ্ম ৰীতি-নীতিৰ মাজেৰে বিবাহৰ অনুষ্ঠানসমূহ মুম্বাইতে অনুষ্ঠিত হ’ব দুয়োৰে বিবাহ৷

এই সন্দৰ্ভত সাংসদ প্ৰেমিকজনক পৰিণীতিৰ বিষয়ে সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, আপোনালোকে মোক ৰাজনীতিৰ বিষয়ে প্ৰশ্ন কৰক, পৰিণীতিৰ বিষয়ে নহয়। আনকি সংসদতো তেওঁলোকৰ এই প্ৰেমৰ কথা আওপকীয়াকৈ চৰ্চিত হৈছে।
বহু সময়ত পৰিণীতিক প্ৰেম সৰ্ম্পকীয় বহু প্ৰশ্ন সোধা হৈছে যদিও তেওঁ চতুৰালিৰে এই প্ৰশ্নৰ উত্তৰ দি আহিছে।অতি আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী পৰিণীতিৰ বৰ্তমানলৈ কোনো প্ৰেমিক নথকা বিষয়টোয়ে অনুৰাগীসকলে কোনো কাৰণতে বিশ্বাস কৰিব নোৱাৰে বুলি বহু সময়ত চৰ্চাও চলিছে।

পৰিণীতি চোপ্ৰাই এতিয়ালৈকে ৰাঘৱ চাধাৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে মুকলি কৰা নাই বৰ্তমানেও গোপনীয়তাৰ মাজতে দুয়োৰে প্ৰেমৰ সম্পৰ্ক অব্যাহত হৈ আছে৷