Local, Vocal, Global

কাটিলেই ৰক্তক্ষৰণ হোৱা এজোপা গছ

ডিজিটেল ডেস্ক: এই পৃথিৱীখনত প্ৰকৃতিৰ অদ্ভুত পূৰ্ব সৃষ্টিৰাজীয়ে মানৱজাতিক সদায়ে আচৰিত কৰি আহিছে ৷
এই প্ৰাকৃতিক বস্তু তথা পৰিঘটনাবোৰে এনে আচৰণ প্ৰদৰ্শন কৰে যাক আপুনি হয় বিসংগতি বা অলৌকিক বুলি গণ্য কৰিব পাৰে৷

এই পৃথিৱীত বিভিন্ন প্ৰকাৰৰ গছ-গছনি আছে । কিন্তু আজি আমি যি জোপা গছৰ কথা ক’বলৈ ওলাইছো সেয়া হয়তো সকলোতকৈ আচৰিত আৰু অলৌকিক। কাৰণ এই গছজোপা কাটিলে তেজ ওলায় আৰু ইয়াৰ আঁৰৰ কাৰণ কোনেও নাজানে।

প্ৰকৃতিত এনে বহু কথা আছে যিবোৰৰ বিষয়ে সকলো অধ্যয়ন তথা পৰিক্ষা নিৰিক্ষাৰ পিছতো এনেকুৱা ৰহস্য আছে যিবোৰক লৈ বিজ্ঞানীসকলো আচৰিত হয়। এনে এজোপা গছ আছে যি কাটিলে ৰঙা ৰঙৰ তেজ ওলায়। এই গছৰ পৰা ওলোৱা তেজ মানুহৰ তেজৰ সৈতে হুবহু একেই।

জানিব পৰা মতে এই গছজোপাৰ নাম Bloodwood Tree আৰু ইয়াক কিয়াট মুকৱা বা মুনিংগা বুলিও কোৱা হয়। এই গছজোপা আফ্ৰিকাত পোৱা যায়। এই গছজোপা মোজাম্বিক, নামিবিয়া, তাঞ্জানিয়া আৰু জিম্বাবুৱেৰ দৰে দেশসমূহত পোৱা যায়৷

জানিব পৰা মতে এই গছজোপা বিশেষ পৰিস্থিতিতহে পোৱা যায়। এই গছজোপা কাটি লোৱাৰ পিছত তাৰ পৰা ৰঙা ৰঙৰ তেজ ওলায়। আচলতে ই তেজ নহয় বৰঞ্চ গছৰ পৰা ওলোৱা তৰল পদাৰ্থ যিটো দেখাত মানুহৰ তেজৰ দৰে হুবহু হয়৷

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই গছজোপাৰ সহায়ত ঔষধ তৈয়াৰ কৰা হয় আৰু ইয়াৰ সমান্তৰালকৈ তেজৰ লগত জড়িত ৰোগবোৰো গছজোপাৰ যোগেদি নিৰাময় হয়। ইয়াৰ উপৰিও এই গছ জোপাত ৰিংৱৰ্ম, চকুৰ সমস্যা, পেটৰ ৰোগ, মেলেৰিয়া বা গুৰুতৰ আঘাত নিৰাময় কৰাৰ ক্ষমতাও আছে।

এই গছৰ কথা ক’বলৈ গ’লে ইয়াৰ কাঠবোৰ অতি মূল্যৱান আৰু ব্যয়বহুলভাৱে বিক্ৰী কৰা হয়। গছজোপাৰ গড় দৈৰ্ঘ্য ১২ৰ পৰা ১৮ মিটাৰ হয়।
আন উদ্ভিদৰ তুলনাত পানীৰ বাবে এই গছৰ প্ৰয়োজনীয়তা নিম্নতম আৰু ই গৰম উষ্ণতাত বিকশিত হয়।
জানিব পৰা মতে এই গছজোপা ৬৫০ বছৰলৈকে জীয়াই থাকে। এই গছবোৰ তলৰ পৰা সম্পূৰ্ণসমতল আৰু সিহঁতৰ ডালবোৰ ওপৰলৈ বগাই যোৱাৰ লগে লগে ডাঠ হয়। ইয়াৰ পাতবোৰ ছাতিৰ দৰে আকৃতিৰ আৰু সেইবোৰ যথেষ্ট ঘন। ইয়াৰ বাহিৰেও, এই গছৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ৰঙা ৰঙৰ ৰেজিন যাক ই নিঃসৰণ কৰে। যাৰফলত আপুনি যেতিয়া এই গছজোপা কাটে তেতিয়া ৰঙা ৰেজিনটো ওলাই যাব, যাৰ ফলত ৰক্তক্ষৰণৰ আভাস পোৱা যায়৷