টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগ আগৰৱালক নিযুক্তি দিয়া হৈছে
টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চে ২৯ নৱেম্বৰত তেওঁৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। কোম্পানীৰ বোৰ্ডে সৰ্বসন্মতিক্ৰমে টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া পৰাগ আগৰৱালক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব পৰাগ আগৰৱাল । টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে।
“টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত মোৰ বিশ্বাস গভীৰ। যোৱা ১০ বছৰত তেওঁৰ কাম পৰিৱৰ্তনশীল আছিল। তেওঁৰ দক্ষতা, হৃদয় আৰু আত্মাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ। এয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়,” ডৰ্চে কৈছিল।
উল্লেখ্য যে, পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (CTO) হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া, আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে, পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ CEO ৰ দায়িত্ব ল’ব।