অৱশেষত গ্ৰেপ্তাৰ হ’ল নাৰীক লৈ বিতৰ্কিত মন্তব্য় কৰা পংকজ পাঠক

নিউজ ডেক্স,২১ জুলাই : নাৰীক লৈ অশালীন মন্তব্য কৰি ৰঙা ঘৰৰ আলহী হ’ল পংকজ পাঠক। বৰ্তমান গুৱাহাটীৰ হাতীগাঁও থানাত ৰখা হৈছে পংকজ পাঠকক।
উল্লেখযোগ্য মহিলাক লৈ সামাজিক মাধ্যমত অশালীন মন্তব্য কৰিছিল পংকজ পাঠকে আৰু তাৰ পিছতেই একাংশ দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছিল পংকজ পাঠকৰ বিৰুদ্ধে। অসমৰ কেইবাটাও থানাত ৰুজু কৰা হৈছিল বহুকেইটা গোচৰ।
বুধবাৰে পুৱতি নিশা পংকজ পাঠকক বিচাৰি টিহু আৰক্ষীৰ সহযোগত গুৱাহাটীৰ হাটীগাঁও থানাৰ আৰক্ষীৰ এটা দলে পাঠকৰ টিহুৰ নতুন উদ্যোগত অভিযান চলায় কিন্তু পংকজ পাঠকে আৰক্ষী অহাৰ খবৰ পাই সেই স্থানৰ পৰা পলায়ন কৰিছিল।
উল্লেখ্য় যে গ্ৰেপ্তাৰ হোৱাৰ ভয়তে এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পাঠকে। অৱশেষত বৰপেটা আৰক্ষীয়ে হাউলিৰ সমীপৰ কালঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰে স্বয়ম্ভূ পংকজ পাঠকক।
নাৰীক লৈ আৰু এগৰাকী মহিলা সাংবাদিকক লৈ অশালীন মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পংকজ পাঠকক৷
নিশা বৰপেটা সদৰ থানাতে ৰখা হৈছিল আচাৰ্যজনক আৰু আজি পুৱাতেই বৰপেটাত গ্ৰেপ্তাৰ কৰা পংকজ পাঠকক গুৱাহাটীৰ হাটীগাঁও থানাত লৈ অনা হয় ।হাতীগাঁও থানাত জেৰা কৰা হ’ব পংকজ পাঠকক।