Local, Vocal, Global

ৰাজ্যত পুনৰ Japanese Encephalitisৰ আতংক

নিউজ ডেস্ক, ১ জুলাই : ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ আতংক । শুক্ৰবাৰে যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে।

মৃতব্যক্তিজন Kosheshwar Bora বুলি চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি, তেওঁক যোৱা কেইদিনমানৰ পৰা জ্যোতি মিছন চিকিৎসালয়ত ভৰ্তি হৈ আছিল। আৰু শুকুৰবাৰে ৰাতিপুৱা তেখেতে মৃত্যুবৰণ কৰে।

উল্লেখযেগ্য যে, জাপানীজ এনকেফেলাইটিছ হৈছে এক ভাইৰেল মগজুৰ সংক্ৰমণ যি মহৰ কামোৰৰ জৰিয়তে বিয়পে। সাধাৰণতে ভাইৰাছটো গাহৰি আৰু চৰাইৰ ক্ষেত্ৰত সহজতে পোৱা যায়, আৰু সংক্ৰমিত জন্তুবোৰক কামোৰাৰ সময়ত মহলৈ বিয়পে।