Local, Vocal, Global

দিছপুৰ আৰক্ষীৰ কবলৰ পৰা পলায়ন মহিলা বন্দীৰ

নিউজ ডেস্ক, ১ জুলাই : শুক্ৰবাৰে মহানগৰীৰ দিছপুৰ আৰক্ষীৰ কবলৰ পৰা এগৰাকী মহিলা বন্দী পলাই যোৱা ঘটনাই স্থান লাভ কৰিছে।

উল্লেখ্য যে, মাকন কাকতি নামৰ মহিলাগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ সক্ষম হয়।

কিছুদিন পূৰ্বে কাকতিক Battery অভিযোগত চহৰখনৰ ছয় মাইল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

বেটাৰি হৈছে এক নিৰ্দিষ্ট সাধাৰণ আইনৰ অপৰাধ, অৱশ্যে শব্দটো সাধাৰণতে আন এজন ব্যক্তিৰ সৈতে যিকোনো বেআইনী বা আক্ৰমণাত্মক শাৰীৰিক সম্পৰ্ক বুজাবলৈ অধিক ব্যৱহাৰ কৰা হয়।