Local, Vocal, Global

ড্ৰাগছ সহ আটক পঞ্চায়তৰ কৰ্মচাৰী

নিউজ ডেস্ক, ২৬ জুলাই : সোমবাৰে নিশা জুৰীয়াৰ মাহগুৰীত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ সহ আটক কৰে তিনি সৰবৰাহকাৰী।

নিষিদ্ধ ড্ৰাগছৰ সৈতে আৰক্ষীৰ জালত পঞ্চায়তৰ চতুৰ্থ বৰ্গৰ এজন চৰকাৰী কৰ্মচাৰী ।


এক গোপন সুত্ৰৰ পম খেদি নিশা জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োৰ নেতৃৃত্বত চলা অভিযানত জালাল উদ্দিন নামৰ জুৰীয়াৰ মাহগুৰি গাঁও পঞ্চায়তৰ চতুৰ্থ বৰ্গৰ এজন চৰকাৰী কৰ্মচাৰীৰ লগতে শ্বহিদ উল্লাহ আৰু আবু হানিফা নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক নিষিদ্ধ ড্ৰাগছ সহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।


ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা ৩০ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ , নগদ ধনৰ লগতে এখন ই-ৰিক্সা আৰু এখন মটৰ চাইকেল বাহনো আৰক্ষীয়ে জব্দ কৰে ।