Local, Vocal, Global

কৰ্ণাটকত গ্ৰেপ্তাৰ অসমৰ যুৱকক

নিউজ ডেস্ক, ২৬ জুলাই : কৰ্ণাটকৰ কেন্দ্ৰীয় অপৰাধ শাখাৰ আৰক্ষীয়ে যুৱক-যুৱতীসকলক উগ্ৰপন্থী কৰাৰ সন্দেহত অসমৰ এজন খাদ্য বিতৰণ কৰা যুৱকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনায় যে, Akthar Hussain নামৰ অভিযুক্তজনক বেংগালুৰুৰ তিলকনগৰৰ বিটিপি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল য’ত তেওঁ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তিনিজন বন্ধুৰ সৈতে বাস কৰিছিল, ।

এজন আৰক্ষী বিষয়াই কয় “আমি সন্দেহযুক্ত যুৱক জনক আদালতত হাজিৰ কৰোঁ আৰু অধিক সোধা-পোছাৰ বাবে তেওঁক ১০ দিনৰ আৰক্ষী জিম্মাত লৈছিলো। তেওঁ আন তিনিজন লোকৰ সৈতে বাস কৰি আছিল। তেওঁলোককো প্ৰশ্ন কৰা হৈছিল কিন্তু তেওঁলোকৰ কোনো সম্পৰ্ক নাই বাবে তেওঁলোকক এৰি দিয়া হৈছিল। অৱশ্যে, আমি তেওঁলোকক যেতিয়াই প্ৰয়োজন হয় উপস্থিত হ’বলৈ কৈছো,” ।

এজন স্থানীয় বাসিন্দাই কৈছিল যে তেওঁ কেতিয়াও হুছেইনৰ সৈতে বাৰ্তালাপ কৰা নাছিল কিয়নো যুৱকজনে বেছিভাগ ৰাতি কাম কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে হুছেইনে যুৱক-যুৱতীসকলক কট্টৰপন্থী কৰি তুলিছিল, অৱশ্যে অধিক জেৰাৰ পিছতহে অধিক তথ্য উপলব্ধ হ’ব । তামিলনাডুৰ আন এজন সন্দেহজনক ব্যক্তিৰ ওপৰতও অভিযান চলোৱা হৈছিল, যাৰ হুছেইনৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ কৰা হৈছে।

জানিব পৰা গৈছে যে বাংগালুৰুত চলোৱা অভিযানটো ৰাজ্যখনৰ আভ্যন্তৰীণ সুৰক্ষা বিভাগ আৰু চোৰাংচোৱা শাখাৰ সৈতে সমন্বয় কৰি চলোৱা হৈছিল।

সম্প্ৰতি, Akthar Hussainৰ কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে নেকি জানিবলৈ তদন্ত চলি আছে।