WATCH | Panchayat Election : ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ
সোণাপুৰ,২৬এপ্ৰিল : ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ । বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি । সৰ্বত্র ব্যাপক ৰূপত চলিছে প্ৰচাৰ অভিযান ।
ইফালে এই অভিযানত মাজতে পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব(Panchayat Election)।
ইতিমধ্যে মনোনয়ন প্রত্যাহাৰৰ দিন উকলি গৈছে আৰু প্ৰাৰ্থী চূড়ান্ত হৈছে । মনোনয়ন পত্র প্ৰত্যাহাৰৰ দিন উকলি যোৱাৰ পাছতে পঞ্চায়ত নিৰ্বাচনত প্রতিদ্বন্দ্বিতাত নমা বিজেপিৰ জিলা পৰিষদৰ ৩৫ গৰাকী আৰু মিত্রদল অগপৰ দুগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।
তেনেদৰে আঞ্চলিক পঞ্চায়তত বিজেপিৰ ২৫৯ গৰাকী, মিত্ৰদল অগপৰ ২৯ গৰাকী, এ আই ইউ ডি এফৰ এগৰাকী, নিৰ্দলীয় ১৩গৰাকী আৰু কংগ্ৰেছৰ ৯গৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । অর্থাৎ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ ৩৭গৰাকী আৰু আঞ্চলিক পঞ্চায়তৰ ৩১১গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
১০ নং ডিগাৰু গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৪ নং জুৱৈ ৱাৰ্ডৰ ৰাইজৰ মনোনীত সদস্যা পদৰ প্ৰাৰ্থী নমিতা বড়োক উদিত সূৰ্য্যৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজলৈ আহ্বান জনায়।
লগতে পঢ়ক : WATCH | Jorhat News : বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত প্ৰতিবাদ