Local, Vocal, Global

অৱশেষত ভাৰতত উভতিল পাকিস্তানত কাৰাবন্দী হৈ থকা বৰেলাল

দুবছৰৰ পিছত উভতিল ভাৰতলৈ বৰেলাল আদিবাসী । ২০১৯ ত কিবা কাৰণত সীমান্ত পাৰ হৈ পাকিস্তানত সোমাইছিল মধ্যপ্ৰদেশৰ দামো জিলাৰ নিৱাসী ৪০ বছৰীয়া বৰেলাল । আৰু তেতিয়াৰ পৰা তেওঁ পাকিস্তানত কাৰাবন্দী হৈ আছিল । আৰু ২ বছৰৰ অন্তত পাকিস্তানৰ পৰা ভাৰতত ভৰি থয় বৰেলাল ।

বৰেলালে কিদৰে পাকিস্তান গৈ পাইছিল সেই বিষয়ত এতিয়া লৈকে কোনো তথ্য জনোৱা নাই । কিন্তু পাকিস্তানৰ বাহুৱালপুৰত গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানী আৰক্ষীয়ে ।

এই খবৰ পোৱাৰ পিছত বৰেলাল পৰিয়ালে চৰকাৰক আবেদন জনাইছিল । ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে পাকিস্তান চৰকাৰৰ সৈতে যোগাযোগ কৰে আৰু সুদীৰ্ঘ দুবছৰ পিছত পাকিস্তান চৰকাৰে মুক্তি কৰি দিলে ।