WATCH | Pahalgam terror attack : ‘পুৱা ঘূৰি আহিম বুলি ফোন কৰা সন্তোষ আৰু ঘূৰি নাহি’
নিউজ ডেস্ক,২৪এপ্ৰিল : জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। পেহেলগামৰ এই আক্ৰমণত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে। মুম্বাইৰ ভয়ংকৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ(Pahalgam terror attack)।
মঙলবাৰে বিয়লি ২:৩০ বজাৰপৰা ৩ বজাৰ ভিতৰত এই আক্ৰমণ হয় বুলি জানিব পৰা গৈছে। প্ৰায় ৪ৰপৰা ৬জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ সৈতে হিন্দী ভাষাতেই বাৰ্তালাপ কৰিছিল যদিও তেওঁলোকে নিজৰ মাজত পাঞ্জাৱী ভাষাত বাৰ্তালাপ কৰে।
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱাসকলৰ মাজত মহিলা আৰু বৃদ্ধও আছিল। লেফটেনেণ্ট গৱৰ্ণৰে আহতসকলক চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।
ইফালে জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰিছে আত্মীয়।
পুৱা ঘূৰি আহিম বুলি ফোন কৰা সন্তোষ আৰু ঘূৰি নাহিল। আহিল সন্তোষৰ নিথৰ দেহ। পত্নীৰ আৰু পৰয়ালৰ মাজত এতিয়া কেৱল কান্দোনৰ ৰোল।