Local, Vocal, Global

WATCH | Pahalgam terror attack : জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰিছে আত্মীয়

নিউজ ডেস্ক,২৩এপ্ৰিল : জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। পেহেলগামৰ এই আক্ৰমণত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে। মুম্বাইৰ ভয়ংকৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ(Pahalgam terror attack)।

মঙলবাৰে বিয়লি ২:৩০ বজাৰপৰা ৩ বজাৰ ভিতৰত এই আক্ৰমণ হয় বুলি জানিব পৰা গৈছে। প্ৰায় ৪ৰপৰা ৬জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ সৈতে হিন্দী ভাষাতেই বাৰ্তালাপ কৰিছিল যদিও তেওঁলোকে নিজৰ মাজত পাঞ্জাৱী ভাষাত বাৰ্তালাপ কৰে।

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱাসকলৰ মাজত মহিলা আৰু বৃদ্ধও আছিল। লেফটেনেণ্ট গৱৰ্ণৰে আহতসকলক চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মনোজ সিনহাই ছ’চিয়েল মিডিয়া পোষ্টত কয়, ‘মই ৰাইজক আশ্বস্ত কৰিছোঁ যে এই ঘৃণনীয় আক্ৰমণৰ আঁৰৰ লোকসকল শাস্তি নোহোৱাকৈ নাথাকিব। ডিজিপি আৰু নিৰাপত্তাৰক্ষীৰ সৈতে কথা পাতিলোঁ। সেনা আৰু J&K আৰক্ষীৰ দলে অঞ্চলটোলৈ লৰালৰিকৈ গৈ অনুসন্ধান অভিযান আৰম্ভ কৰিছে।’ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয়, ‘মই স্তম্ভিত হৈছোঁ। আমাৰ দৰ্শনাৰ্থীৰ ওপৰত কৰা এই আক্ৰমণ এক ঘৃণনীয়। এই আক্ৰমণৰ বাবে কোনো নিন্দামূলক শব্দই যথেষ্ট নহয়। মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।’

ইফালে জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰিছে আত্মীয়।

লগতে পঢ়ক : WATCH | Actor Phailao Basumatary Passes Away : জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ দেহাৱসান