Local, Vocal, Global

 ১০ হাজাৰৰো অধিক পৰ্যটকে কাজিৰঙা দৰ্শন

অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga Nationala Park)। উদ্যান মুকলিৰ পিছত কাজিৰঙালৈ সোত বৈছে পৰ্যটক (Tourist)ৰ। বৰ্তমানলৈ কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ১০৭৬০ গৰাকী। সাধাৰণতে অক্টোবৰ মাহত ৯ ৰ পৰা ১০ হাজাৰ পৰ্যটকে দৰ্শন কৰে কাজিৰঙা কিন্তু এইবাৰ অক্টোবৰ মাহৰ মাজভাগতে ১০ হাজাৰৰো অধিক পৰ্যটকে কাজিৰঙা দৰ্শন কৰিলে যি নিশ্চয়কৈ এক আশাৰ বতৰা।

উল্লেখ্যে যে পৰ্যটকৰ বাবে কেৱল কহঁৰা আৰু বাগৰী বনাঞ্চলহে মুকলি কৰা হৈছিল যদিও অহা সপ্তাহৰ পৰা বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি হ’ব বুলি প্ৰকাশ কৰে উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে। সঞ্চালকগৰাকীৰ মতে অহা মাহত আন্তৰাষ্ট্ৰীয় বিমান সেৱা সুচাৰুৰূপে চলিলে কাজিৰঙালৈ পৰ্যটকৰ আগমন আৰু অধিক হ’ব পাৰে বিশেষকৈ বিদেশী পৰ্যটক (Foreign Tourist)ৰ সংখ্যা বৃদ্ধি হ’ব পাৰে। অহা ১ নবেম্বৰৰ পৰা কাজিৰঙাত মুকলি হ’ব হাতী চাফাৰী (Elephant Safari) |