Local, Vocal, Global

আজিৰে পৰা মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে সুখবৰ৷ আজিৰে পৰা মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান৷বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিনৰ ১২ বজাত মুকলি কৰিব। এই মুকলি অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে উপস্থিত থাকিব মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক গুৰুজ্যোতি দাস, আৰু গণেশ লিম্বু। ক’ৰনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ কোভিড প্ৰট’কল মানি পৰ্যটকৰ বাবে মুকলি হ’ব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ সংৰক্ষিত বনাঞ্চল।

কৰণা মহামাৰীৰ বাবে বিগত মাৰ্চ মাহৰ পৰা পৰ্যটকৰ কাৰণে বন্ধ হৈ আছিল উদ্যান খন। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰিৰীক উত্তাপ পৰীক্ষা কৰা হ’ব লগতে পৰ্যটক সকলক স্বাস্থ্য বিভাগে দিয়া নীতি নিয়ম মানি প্ৰবেশ কৰিবলৈ দিয়া হ’ব।