Local, Vocal, Global

Opposition MPs create uproar over flooding in new Parliament building : উদ্বোধনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতেই নতুন সংসদ ভৱনৰ ছাদৰ পৰা হোৰাহোৰে পৰিছে বৰষুণৰ পানী

নিউজ ডেস্ক,১আগষ্ট : প্ৰধানমন্ত্ৰীৰ সপোনত লিকেজ । বাহিৰত পৰীক্ষাৰ বহি লিকেজ । ভিতৰৰ পানী লিকেজ । বিজেপিৰ চিষ্টেমত লিকেজ

দিল্লীত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ মাজতে নতুন সংসদ ভৱনত অথন্তৰ। উদ্বোধনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতেই নতুন সংসদ ভৱনৰ ছাদৰ পৰা হোৰাহোৰে পৰিছে বৰষুণৰ পানী। ছাদৰ পৰা নিগৰি পৰা এই বৰষুণৰ পানী মজিয়াত বিয়পি নপৰিবলৈ তলত পাতি দিয়া হৈছে এটা ডাঙৰ বাল্টি(Opposition MPs create uproar over flooding in new Parliament building)।

এইখন হৈছে নতুন সংসদ ভৱন। দিল্লীত ধাৰাসাৰ বৰষুণৰ ফলত ৰাস্তা ঘাট যাতায়ত ব্যৱস্থা একা প্ৰকাৰৰ অচল হৈ পৰিছে। তাৰ মাজতে নতুন কৈ উদ্বোধন কৰা সংসদ ভৱনত লিকেজ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৩ ৰ ২৮ মে’ত নিজেই উদ্বোধন কৰা এই নতুন সংসদ ভৱনক তেওঁৰ স্বপ্নৰ প্ৰকল্প বুলি উল্লেখ কৰিছিল। হাজাৰ বিৰোধিতাৰ পাছতো কোটি কোটি টকা খৰচ কৰি চেন্ট্ৰেল ভিষ্টা প্ৰকল্প নিৰ্মাণ কৰিছে নৰেন্দ্ৰ মোডীৰ চৰকাৰে। আৰু আজি মোদীৰ স্বপ্নৰ প্ৰকল্পত লিকেজ ।

নতুন সংসদ ভৱনৰ ছাদৰ পৰা হোৰাহোৰে বৰষুণৰ পানী পৰাক লৈ বিৰোধীৰ টিপ্পনী।মাত্ৰ এবছৰ আগতে উদ্বোধন কৰা সংসদৰ লবীত যিধৰণে পানী নিগৰি আছে তাৰ পৰা স্পষ্ট যে, নতুন সংসদ ভৱনে প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অসক্ষম। তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰায়েনে সমালোচনা কৰি কয় যে

নতুন মোডী চৰকাৰ সকলোতে লিক । প্ৰশ্ন কাকত লিক । পানী লিক । চিষ্টেম লিক

ইফালে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদবে x টুইট কৰি কয় যে, নতুন সংসদত কৈ পুৰনি সংসদে ভাল আছিল।

इस नई संसद से अच्छी तो वो पुरानी संसद थी, जहाँ पुराने सांसद भी आकर मिल सकते थे। क्यों न फिर से पुरानी संसद चलें, कम-से-कम तब तक के लिए, जब तक अरबों रुपयों से बनी संसद में पानी टपकने का कार्यक्रम चल रहा है।

जनता पूछ रही है कि भाजपा सरकार में बनी हर नई छत से पानी टपकना, उनकी सोच-समझकर बनायी गयी डिज़ाइन का हिस्सा होता है या फिर…

নতুন সংসদ ভৱনত নিৰ্মাণত বিসংগতি হৈছিল নেকি বুলিও প্ৰশ্ন বিৰোধীয়ে।সমান্তৰালকৈ প্ৰশ্ন উঠিছে এই নতুন সংসদ ভৱনে বৰষুণৰ পানীকেই ধৰি ৰাখিব পৰা নাই, আন প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কিদৰে কৰিব?

লগতে পঢ়ক : Sensational Incident in Morigaon : ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুই মহিলাই ধাৰণ কৰিলে ৰুদ্ৰ মূৰ্তি