Local, Vocal, Global

Sensational Incident in Morigaon : ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুই মহিলাই ধাৰণ কৰিলে ৰুদ্ৰ মূৰ্তি

মৰিগাঁও,১আগষ্ট : দুই মহিলাই ধাৰণ কৰিলে ৰুদ্ৰ মূৰ্তি। মৰিগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুই মহিলাৰ ৰুদ্ৰ মূৰ্তি ।

প্ৰকৃততে কোন এই দুয়োগৰাকী মহিলা। এগৰাকী মৰিগাঁও ৰাজহ চক্ৰ বিষয়া মনিকা বৰগোহাঁই আৰু আন গৰাকী বিজেপি দলৰ প্ৰভাৱশালী নেত্ৰী তথা মৰিগাঁও পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ অৰ্চনা বৰদলৈ।

অভিযোগ অনুসৰি মৰিগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ শ্যামল ডেকা নামৰ এজন লাট মণ্ডলে পোন্ধৰ হাজাৰ টকা দাবী কৰিছিল এজন লোকৰ পৰা । আৰু এই বিষয়ে চক্ৰ বিষয়া কাৰ্যলয়লৈ কথা পাতিবলৈ আহিছিল মৰিগাঁও পৌৰসভা প্ৰাক্তন পৌৰপতি তথা বৰ্তমান পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ অৰ্চনা বৰদলৈ । তাতে মৰিগাঁও চক্ৰ বিষয়া আৰু বিজেপিৰ নেত্ৰী গৰাকীয়ে তৰ্কাতৰ্কিত লিপ্ত হয়(
Sensational Incident in Morigaon) ।

তৰ্কাতৰ্কিৰ বিষয়টো গৈ মৰিগাঁও সদৰ থানা পালে । ইতিমধ্যে মৰিগাঁও ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়া অনুসৰি কৰ্তব্যৰত অৱস্থাত বিজেপি নেত্ৰী তথা ৱাৰ্ড কমিছনাৰ গৰাকীয়ে শাৰীৰিক ভাৱে অপদস্থ কৰিছে।

লগতে পঢ়ক : Healthcare expenses increased in government hospitals : বৃদ্ধি পালে চৰকাৰী হাস্পতালত চিকিৎসাৰ ব্যয়