অনলাইন শ্বপিংয়ে মাতি আনিব পাৰে বিপদ

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত জনসাধাৰণৰ মাজত অত্যন্ত জনপ্ৰিয় এক ইন্টাৰনেট সেৱা হৈছে অনলাইনত বজাৰ কৰা ৱেবচাইটসমূহ । বিশেষকৈ কৰ‘না মহামাৰীৰ দুৰ্যোগৰ সময়ত মানুহৰ মাজত বৃদ্ধি পাইছে অনলাইন শ্বপিং কৰাৰ প্ৰৱণতা । কাৰণ অনলাইন বজাৰ কৰাৰ সুবিধা থকাৰ বাবেই লকডাউনৰ সময়ত জনসাধাৰণে যথেষ্ট সকাহ পাইছিল ।
অনলাইন শ্বপিংৰ এই প্ৰক্ৰিয়াত সময় ৰাহি হোৱাৰ লগতে বহুতো সুবিধা পোৱা যায়। দোকান বা ম’ল আদিলৈ গৈ বজাৰ কৰাতকৈ ঘৰতে বহি নিজৰ দৰকাৰী তথা পচন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে ইয়াতকৈ আৰু সুবিধাজনক ব্যৱস্থা একো হ’ব নোৱাৰে । আনহাতে অনলাইন শ্বপিং ব্যৱস্থাত যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বহুতো বিকল্প থাকে ।
যাৰ ফলত নিজৰ ইচ্ছা তথা সুবিধা অনুযায়ী মানুহে নিজৰ পচন্দৰ সামগ্ৰীসমূহৰ দাম আন চাইটৰ লগতো তুলনা কৰি ক্ৰয় কৰিব পৰাৰ সুবিধা আছে কিন্তু অনলাইন শ্বপিংৰ এই ব্যৱস্থাত কিছুমান অসুবিধা আছে। বৰ্তমান সময়ত অনলাইন বজাৰ কৰাৰ ক্ষেত্ৰত কিছু ভুৱা চাইট অথবা ভুৱা লোকৰ দুষ্কাৰ্য্যৰ বলি হৈছে বহুতো লোক।
গতিকে অনলাইন যিকোনো চাইটত বজাৰ কৰাৰ আগত সাৱধান হোৱা অতি প্ৰয়োজনী, শেহতীয়াকৈ এনেধৰনৰ অনলাইন শ্বপিংৰ লগত জৰীত এক ঘটনা পোহৰলৈ আহিছে এইবাৰ এজন যুৱকে Amazon ত Online Shopping কৰি, প্ৰৱঞ্চনাৰ বলি হব লগা হল। নগৰবেৰাৰ টুপামাৰীৰ গাঁৱৰ মইদুল ইছলাম নামৰ এইগৰাকী যুৱকে Facebook ৰ Add দেখি order কৰিছিল 2429 টকা মূল্যৰ এটা ঘড়ী।কিন্তু আহিলে ১৫০ টকীয়া এটা পুতলা ঘড়ী।
Delivery বাকচ খন খুলি পুতলা ঘড়ীটো দেখিয়েই মূৰে কপালে হাত দিছে যুৱকজনে।ফেচবুকৰ Add চাই Amazon Online Shopping কৰি প্ৰৱনঞনাৰ বলি যুৱকজনে Online Shopping কৰোতে সাৱধান হবলৈ ৰাইজলৈ জনাইছে আহ্বান।