one person killed as tree falls on car during storm in bongaigaon : প্ৰচণ্ড বতাহ-ধুমুহাৰ মাজতে শোকাৱহ ঘটনা
নিউজ ডেস্ক,১৮মে’ : প্ৰচণ্ড বতাহ-ধুমুহাৰ মাজতে শোকাৱহ ঘটনা । শুকুৰবাৰে অহা প্ৰচণ্ড বতাহ-ধুমুহাই প্ৰাণ কাঢ়িলে এজনৰ ৷ বঙাইগাঁও জিলাৰ মাজগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷
জানিব পৰা মতে, শুকুৰবাৰৰ বিয়লি ভাগত অহা এজাক প্ৰচণ্ড ধুমুহা-বতাহৰ ফলত প্ৰকাণ্ড গছ এডাল পথত ৰৈ থকা এখন অ’টোৰ ওপৰত বাগৰি পৰে ৷ প্ৰকাণ্ড গছডাল বাগৰি পৰাৰ ফলত অটোখনৰ ভিতৰত থকা চিত্তৰঞ্জন শৰণীয়া নামৰ লোকজনৰ ঘটনাস্থলীতেই মৃত্যু ঘটে ৷ ইয়াৰ লগতে অ’টোখনৰ ভিতৰত থকা আন এজন লোক আহত হয় ৷ আহত লোকজনৰ নাম ধ্ৰুৱ মেচ বুলি জানিব পৰা গৈছে(one person killed as tree falls on car during storm in bongaigaon) ৷
স্থানীয় ৰাইজৰ তৎপৰতাত আহত ধ্ৰুৱ মেচক অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । স্থানীয় ৰাইজে চিত্তৰঞ্জন শৰণীয়াক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পাচত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
লগতে পঢ়ক : Fire Engulfs Manas Stone Crushing Quarry : গেছ চিলিণ্ডাৰৰ ভয়ংকৰ বিস্ফোৰণ; ক্ষতি সাধন ১৫লাখ টকাৰ সম্পত্তিৰ