Local, Vocal, Global

Fire Engulfs Manas Stone Crushing Quarry : গেছ চিলিণ্ডাৰৰ ভয়ংকৰ বিস্ফোৰণ; ক্ষতি সাধন ১৫লাখ টকাৰ সম্পত্তিৰ

নিউজ ডেস্ক,১৮মে’ : গেছ চিলিণ্ডাৰৰ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । ক্ষতি সাধন ১৫লাখ টকাৰ সম্পত্তিৰ ।

বজালীৰ কেন্দুগুৰিত মানাস শিল ভঙা উদ্যোগত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। শনিবাৰে দিনৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Fire Engulfs Manas Stone Crushing Quarry) ।

জানিব পৰা মতে, এটা গেছ চিলিণ্ডাৰৰ পৰা জুই সূত্ৰপাত হয় । ফলত জুই নিমিষতে বিয়পি পৰে আৰু এখন টেক্টৰৰ লগতে কাৰ্য্যলয়টো সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। প্ৰায় ১৫ লাখ টকাৰ সা-সম্পত্তি জুইৰ লেলিহান শিখাই নিমিষতে ধ্বংস কৰে(Fire Engulfs Manas Stone Crushing Quarry In Bajali)।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিতিত হয় আৰু জুই নিৰ্বাপনৰ কৰে।

এই পৰ্য্যন্ত কোনো লোক হতাহত হোৱা খবৰ পোৱা নাই।

লগতে পঢ়ক : Heavy Rain Havoc Guwahati Damaging Roads : শুকুৰবাৰে নিশে গুৱাহাটী মহানগৰীত ধুমুহা বৰষুণৰ তাণ্ডৱ