Local, Vocal, Global

Odisha train accident Update : উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৩৮ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ৩ জুন : শুকুৰবাৰে ওড়িশাত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য (Odisha train crash ) ৷ এই দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩৮ লৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ প্ৰায় ৯০০ গৰাকী যাত্ৰী আহত হৈছে

উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ওড়িশাৰ বালাছ’ৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ২০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হৈছে। সন্ধিয়া প্ৰায় ৭ বজাত শালিমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ১০-১২ টা ডবা বালাচোৰৰ ওচৰত এখন মালবাহী ৰে’লত খুন্দা মৰাৰ পিচত লাইনচ্যুত হৈ বিপৰীত পথত বাগৰি পৰে । কিছু সময়ৰ পাছত যশৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা আন এখন ৰে’ল সেই লাইনচ্যুত ডবাবোৰত খুন্দা মাৰে যাৰ ফলত ইয়াৰ ৩-৪ টা ডবা লাইনচ্যুত হয় (Odisha train derailed)।

শনিবাৰে পুৱাই দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ (Railway Minister at Odisha)। মন্ত্ৰীগৰাকীয়ে আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ৰে’ল দুৰ্ঘটনাৰ বুজ লয় । ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমাধ্যমক জনোৱা অনুসৰি চৰকাৰে প্ৰথমে উদ্ধাৰ আৰু সাহায্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । জিলা প্ৰশাসনৰ অনুমোদনৰ পাছতে পুনৰুদ্ধাৰ আৰম্ভ হ’ব । ইফালে এই দুৰ্ঘটনাক লৈ এক বিতং উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব আৰু ৰে’ল সুৰক্ষা আয়ুক্তইও এক স্বতন্ত্ৰ তদন্ত কৰিব বুলি ঘোষণা কৰে ৰে’ল মন্ত্ৰীগৰাকীয়ে (Railway Minister announces high level inquiry)।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক আৰু ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে তেওঁ বিভাগৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে লগতে উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে । ইফালে, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও পশ্চিমবংগৰ কলকাতা ভ্ৰমণ বাতিল কৰি ওড়িশাৰ বালাচোৰ অভিমুখে ৰাওনা হৈছে । ৰে’লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাৰ মতে শুকুৰবাৰে সন্ধিয়া এই দুৰ্ঘটনাটো সংঘটিত হয় ।

এই ৰে’ল দুৰ্ঘটনাৰ পাছতে এতিয়া দেশজুৰি শোকৰ ছাঁ পৰিছে । নিহতৰ পৰিয়ালৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ, শ্বালিমাৰ-চেন্নাই চেণ্ট্ৰেল কৰমণ্ডল এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ সৈতে হোৱা সংঘৰ্ষত বৰ্তমান পৰ্যন্ত ২৩৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ লগতে ৯০০ ৰো অধিক লোক আহত হোৱা তথ্য লাভ কৰা হৈছে ৷ জানিব পৰা মতে, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে ঘোষণা কৰে যে তেওঁ লাইনচ্যুত হোৱাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে (Railway Minister Ashwini Vaishnaw) । এএনআইৰ উদ্ধৃতিঅনুসৰি মন্ত্ৰীগৰাকীয়ে কয়, “দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক আছিল, আৰু ঘটনাটো তেওঁৰ মন্ত্ৰালয়ক জনোৱাৰ অলপ পিছতে উদ্ধাৰ অভিযান আৰম্ভ হৈছিল।” ৰে’ল মন্ত্ৰালয়ে মৃতকৰ আত্মীয়সকলক ১০ লাখ টকা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ২ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকসকলক ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (PMNRF) পৰা মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ আৰু আহতসকলৰ বাবে ৫০,০০০ ক্ষতিপূৰণ ঘোষণা কৰে ।

দক্ষিণ-পূব ৰে’লৱেৰ খড়গপুৰ বিভাগৰ হাওৰা-চেন্নাই মুখ্য লাইনত সংঘটিত এই দুৰ্ঘটনাৰ ফলত এতিয়ালৈকে ১৮ খন দীৰ্ঘ দূৰত্বৰ ৰে’ল বাতিল কৰা হৈছে ।

ওড়িশাত ক’ৰ’মেণ্ডেল এক্সপ্ৰেছ দুৰ্ঘটনাৰ পিছত বহু কেইখন ৰে’ল বাতিল কৰা হৈছে লগতে বহু কেইখন ৰে’লৰ ডাইভাৰ্ট কৰা হৈছে ।

লগতে পঢ়ক : Odisha train derailed: ওড়িশাৰ বালাশ্বৰত ভয়াৱহ ৰে’ল দুৰ্ঘটনা; অৰ্ধশতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা