Local, Vocal, Global

উৰিষ্যা কেডাৰৰ IAS বিষয়া ৰাজেশ বাৰ্মাক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সচিব হিচাপে নিযুক্তি

নিউজ ডেস্ক, ১৯ আগষ্ট : উৰিষ্যা কেডাৰৰ IAS বিষয়া ৰাজেশ বাৰ্মাক (Rajesh Verma) বৃহস্পতিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সচিব হিচাপে নিযুক্তি দিয়া হয়।

কেবিনেটৰ নিযুক্তি সমিতিয়ে আইএএছ বাৰ্মাক নিযুক্তি দিয়ে।

১৯৮৭-বেচৰ (batch) উৰিষ্যা কেডাৰৰ IAS, বাৰ্মাই কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু ১৯৮০-batchৰ IAS বিষয়া কপিল দেৱ ত্ৰিপাঠীৰ স্থান ল’ব।

ইয়াৰ পূৰ্বে, IAS বাৰ্মাই উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উৰিষ্যা চৰকাৰৰ শক্তি বিভাগৰ সচিবও আছিল।