ভাৰতত নাই, চীনত আকৌ ক’ৰণাৰ আবিৰ্ভাৱ

নিউজ ডেস্ক,১৫ মাৰ্চঃ পুনৰ চীনত আৰম্ভ হৈছে ক’ৰণাৰ ত্ৰাস। মঙলবাৰে চীনত ক’ৰণাত প্ৰায় ৫,২৮০ জন লোক আক্ৰান্ত হয়। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগে জনোৱা অনুসৰি এদিনত সৰ্বাধিক ৫ হাজাৰতকৈয়ো অধিক লোক আক্ৰান্ত হৈছে।
ইতিমধ্যে দেশখনৰ বিভিন্ন প্ৰান্তত নিষেধাজ্ঞা জাৰি কৰিছে। লগতে চীনৰ ১০ খন চহৰত লকডাউন ঘোষনা কৰিছে।
আনহাতে ভাৰতত অব্যাহত আছে ক’ভিডৰ নিম্নগতি। বিগত ২৪ ঘণ্টাত ভাৰততত ক’ভিডত আক্ৰান্ত হৈছে ২ হাজাৰ ৫০৩ জন। বিগত ২৪ ঘণ্টাত ২৭ জন ক’ভিড ৰোগীৰ মৃত্যু।পজিটিভিটীৰ হাৰ ০.৪৭ শতাংশ।
বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৬ হাজাৰ ১৬৮ জন। প্ৰায়সমূহ ৰাজ্যতে নিয়ন্ত্ৰণলৈ আহিছে ক’ভিড পৰিস্থিতি।