Local, Vocal, Global

Vande Bharat Express: অতি শীঘ্ৰে উত্তৰ পূৱলৈ বন্দে ভাৰত এক্সপ্ৰেছ

নেশ্যনেল ডেস্ক,২১ মে’ : উত্তৰ-পূব ভাৰতে অতি সোনকালে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ চলিব লগা প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল লাভ কৰিব বুলি শনিবাৰে উত্তৰ-পূব সীমান্তৰ কাটিহাৰৰ অতিৰিক্ত সংমণ্ডল ৰে’ল পৰিচালক সঞ্জয় চিলৱাৰৱাৰে জানিবলৈ দিয়ে (Northeast to get first Vande Bharat Express soon) । Powered By PlayUnmute Fullscreen এই ৰেলখন (Up-22227-Down-22228) সপ্তাহত ছয় দিন নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীৰ মাজত চলিব (New Jalpaiguri to Guwahati six days in a week) । এই ৰেলখনে ৬ ঘণ্টাৰ ভিতৰত প্ৰায় ৪১০ কিলোমিটাৰ অতিক্ৰম কৰিব । অতিৰিক্ত সংমণ্ডল ৰে’ল পৰিচালক(ADRM)গৰাকীয়ে লগতে এই কথাও উল্লেখ কৰিলে ।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পুৰীৰ পৰা হাওৰাৰ মাজত চলিব লগা ওড়িশাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ মুকলি কৰে (PM Narendra Modi launched Odishas first Vande Bharat train)। ওড়িশাৰ প্ৰথমখন বণ্ডে ভাৰত এক্সপ্ৰেছ মুকলি কৰাৰ পিছতে বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে এটা লক্ষ্য নিৰ্ধাৰণ কৰিছে । সেয়া হৈছে চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত যাতে বন্দে ভাৰতে দেশৰ প্ৰায় সকলো ৰাজ্যতে উপস্থিত হ’ব পাৰে (Union Railway Minister Ashwini Vaishnaw) ।

হাওৰাত সংবাদ প্ৰতিস্থান এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত বৈষ্ণৱে কয় যে, “আগন্তুক জুন মাহৰ ভিতৰত বন্দে ভাৰতে দেশৰ প্ৰায় সকলো ৰাজ্যতে উপস্থিত হ’ব পৰাকৈ প্ৰধান মন্ত্ৰী মোদীয়ে এটা লক্ষ্য নিৰ্ধাৰণ কৰিছে…১০০ কিলোমিটাৰতকৈও কম দূৰত্ব আৰু যাত্ৰীৰ দৈনিক যাত্ৰাৰ বাবে বন্দে মেট্ৰ’ ডিজাইন কৰা হৈছে ।” বৃহস্পতিবাৰে পুৰী-হাওৰাৰ মাজত মুকলি হোৱা বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰা কৰি হাওৰা পোৱাৰ অন্তত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে এই যাত্ৰাক অত্যন্ত আৰামদায়ক বুলি অভিহিত কৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৰী আৰু হাওৰাৰ মাজত ওড়িশাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিছিল । বৃহস্পতিবাৰে পুৰী-হাওৰা সংযোগী বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰা কৰি এই যাত্ৰাক অত্যন্ত আৰামদায়ক বুলি অভিহিত কৰি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে যাত্ৰাৰ মাজৰ সময়চোৱাত একাংশ যুৱক-যুৱতী আৰু যাত্ৰীৰ সৈতে মত বিনিময় কৰি পোৱা অনুভৱ আছিল সৰ্বোত্তম ।

লগতে পঢ়ক: More than 2 crore cash recovered:আৰক্ষী বিষয়া আনন্দৰ নেতৃত্বত বৃহৎ পৰিমানৰ নগদ ধনৰ লগতে এক কিলো সোণ উদ্ধাৰ