Local, Vocal, Global

উত্তৰ গুৱাহাটীত জব্দ ‌বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট 

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত জব্দ ট্ৰাকসহ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট। জব্দকৃত বিদেশী চিগাৰেটখিনিৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা। WB-23-E-0025 নম্বৰ ট্ৰাকেৰে ইম্ফলৰ পৰা ঝাৰখণ্ডলৈ সৰবৰাহৰ পথত আৰক্ষীয়ে জব্দ কৰে চিগাৰেটখিনি। উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা তালাচী অভিযানত জব্দ ১০ লক্ষাধিক টকাৰ চিগাৰেট। উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক সিঙৰ নেতৃত্বত চলিছিল এই তালাচী অভিযান। প্ৰাপ্ত তথ্য অনুসৰি WB-23-E-0025 নম্বৰৰ ট্ৰাকখনৰ চালক সঞ্জয় ছেত্ৰী আৰী হেণ্ডিমেন আমিৰ হুছেইনক আটক কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীত 460/20 নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ U/S- 379/411/34 IPC R/W Sec. 20(I)/20(2) Cotpa Actৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। সমগ্ৰ ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীয়ে।